• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট ভাষাবিদক চূড়ান্ত অপমান! ডঃ বাণীকান্ত কাকতিৰ নামত বৈদ্যুতিন শ্মশানক লৈ সৰ্বত্রে প্ৰতিক্ৰিয়া

"দীনদয়ালৰ নামত মহাবিদ্যালয়, বাণীকান্ত কাকতিৰ নামত শ্মশান"-ফেচবুকত ব্যাপক সমালোচনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 14, 2020 1:23 pm
WhatsApp Image 2020-07-14 at 12.57.15 PM

ভাষাবিদ ড০ বানীকান্ত কাকতিৰ নামেৰে সোমবাৰে উদ্বোধন কৰা স্মশানখন। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট ভাষাবিদ,গৱেষক তথা পণ্ডিত ডঃ বাণীকান্ত কাকতিক জাতি-মাটি-ভেটিৰ কথা কোৱা ৰাজ্যৰ শাসনাধীন বিজেপি চৰকাৰে চূড়ান্ত অপমান  কৰিছে।

কোনো বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠান অথবা শিক্ষা প্ৰতিষ্ঠান নহয়, সোমবাৰে নতুনকৈ উদ্বোধন কৰা উলুবাৰিস্থিত বৈদ্যুতিন শ্মশানৰ নামকৰণ কৰা হ’ল বিশিষ্ট ভাষাবিদ ডঃ বাণীকান্ত কাকতিৰ নামৰে।

ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কালি উন্মোচন কৰে এই শ্মশানখন।

ইয়াৰ পাছতে বিভিন্ন মহলত এই বিষয়ক লৈ সৰৱ চর্চা আৰম্ভ হৈছে।

আধুনিক অসমীয়া ভাষা সাহিত্যৰ সাধকজনক শ্মশানত ঠাই দিয়াটো অতি পৰিতাপৰ বিষয় বুলিও বহুতে আলোচনা কৰিছে।

ইয়াক লৈ নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী ডঃ নগেন শইকীয়াই।

ডঃ শইকীয়াই কয়, “শ্মশানৰ নামৰ লগত ডঃ বাণীকান্ত কাকতিৰ নামটো জোৰা লগাব নালাগিছিল। শ্মশান এখন বনাবলৈ কোনোবাই যদি ভূমি দান কৰিছে তেওঁলোকৰ পিতৃ-মাতৃৰ নামত দিব পাৰে বা অন্য প্ৰকাৰে দিব পাৰে। কিন্তু ডঃ বাণীকান্ত কাকতিৰ নামত শ্মশান হোৱা কথাটো সমৰ্থন কৰিব টান পাইছো। বাণীকান্ত কাকতিৰ পৰিয়ালৰ কোনোবাই দিয়াহেতেঁন বেলেগ কথা আছিল। বাণীকান্ত কাকতিৰ নামটোক শ্মশান এখনলৈ লৈ যোৱাটো উচিত নহ’ল।”

ইপিনে, ৰাজ্য চৰকাৰৰ এই কাণ্ডক লৈ সৰৱ হৈ পৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। তেওঁ এই কাৰ্য্যক ধিক্কাৰ আৰু গৰিহণা দিয়াৰ লগতে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।

“এইটো অতি লাজলগা কথা। শ্মশানৰ নাম দিছে ডঃ বাণীকান্ত কাকতিৰ নামত আৰু মহাবিদ্যালয়ৰ নাম দিছে দীনদয়াল উপাধ্যায়ৰ নামত। অসমৰ প্ৰতি অৱদান নথকা, অসমৰ মানুহে নাম নজনা, অসমৰ মাটি, পানী আৰু শিপাৰ লগত সম্পৰ্ক নথকা এজন মানুহৰ নামত মহাবিদ্যালয় আৰু শ্ৰদ্ধাৰ ভাষাবিদৰ নামত শ্মশান। জাতি-মাটি-ভেটিৰ কথা কৈ থকা বিজেপি চৰকাৰৰ অসমৰ জাতীয় জীৱনৰ প্ৰতি অৱদান থকা ব্যক্তিসকলৰ প্ৰতি আক্ষৰিক অৰ্থত চূড়ান্ত অপমান এয়া।”

ইপিনে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰামকৃষ্ণ নগৰত থকা ভাষাৰ ওজা ডঃ বাণীকান্ত কাকতি দেৱৰ সমাধি অতি দুখজনক অৱস্থাত আছে। ভূমি অধিগ্ৰহণ কৰি হ’লেও চৰকাৰে সেইটো সজাই পৰাই তুলিব লাগিছিল। কিন্তু তাকে নকৰি তাত এখন বৈদ্যুতিন মৰিশালী কৰাটো কোনো যুক্তিজনক কথা হ’ব নোৱাৰে।”

আনহাতে , ছচিয়েল মিডিয়াত এই প্ৰসংগই বহুলভাৱে স্থান পাইছে। সকলোৱে এই নামকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে।

মৌতৃষ্ণা মৌচুমী নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ফেচবুক ৱালত লিখিছে, ‘শ্মশানৰ সৈতে ডঃ বাণীকান্ত কাকতিৰ কিবা সম্পৰ্ক আছিল নে কি!

শ্মশান সম্বন্ধীয় কিবা গৱেষণা কৰিছিল নেকি তেখেতে? নে অন্য কোনো উপযুক্ত নাম বিচাৰি পোৱা নগ’ল! শ্মশানক অস্পৃশ্য বা তুচ্ছ জ্ঞান কৰি এই কথাটো  মুঠেই মনলৈ অহা নাই, শ্মশান এক সামাজিক প্ৰয়োজনীয়তা, এক ব্যৱহাৰিক বিষয়, মোৰ বাবে কোনো কুসুম কানন আৰু উন্নত প্ৰযুক্তিৰ শ্মশান দুয়োৰে গুৰুত্ব সমান, ভাল লগা নলগাও সমানেই। সংগতি থাকিলে শ্মশানৰ নামকৰণত ব্যক্তিজনক অপমানিত কৰা হৈছে বুলি মই অনুভৱ নকৰোঁ। কিন্তু কোনো সামঞ্জস্য নোহোৱা নাম এটা কিয় দিয়া হ’ল সেইটো অৱশ্যেই ভাৱিবলগা। কিবা যদি সংগতি আছিল, আৰু সেয়ে নামকৰণ কৰা হৈছিল ডঃ কাকতিৰ নামেৰে, তেন্তে স্পষ্ট কৰি দিলে ভাল আছিল!”

ইয়াৰোপৰি অভিজিত দাস নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে, “আধুনিক অসমীয়া ভাষা-সাহিত্যৰ সাধকজনক শ্মশানত ঠাই দিয়াটো অতি পৰিতাপৰ বিষয়। তেখেতক সন্মান দিব মন আছে যদি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, পুথিভঁৰাল, সংগ্ৰহালয় আদিৰ নাম ৰাখক। শ্মশান, বাছ আস্থান, বজাৰ এইবোৰ কোনোবা মন্ত্ৰী-বিধায়কৰ নামত ৰাখক আপত্তি নাই ।”

আনহাতে, ডঃ বাণীকান্ত কাকতিৰ নামত শ্মশানৰ নামকৰণ কৰাটোৱে কলিতা সমাজক লজ্জিত কৰিছে বুলি উল্লেখ কৰি বিশ্বজিত বৰদলৈ নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে, “#নিজস্বতা নাইকিয়া কলিতাবোৰে অসমীয়া হ’বলৈ গৈ নিজৰ পৰিচয় হেৰুৱাইছে। সেয়ে এদিন কলিতা হৈও নাথাকিব অসমীয়া হৈও নাথাকিব।সকলো জাতি-জনগোষ্ঠীয়ে নিজৰ জাতি-জনগোষ্ঠীৰ বৰেণ্য ব্যক্তি সকলৰ নামত নিজৰ পৰিচয় দাঙি ধৰে। ডঃ বাণীকান্ত কাকতিৰ নামত শ্মশান নহয় তেওঁৰ নামত university হে লাগে আমাক। কলিতা সমাজক লজ্জিত কৰিবলৈ এই কাম কৰা হৈছে। চৰকাৰে অতি শীঘ্ৰে এই শ্মশান খনৰ নাম উঠাই লব লাগে।”

আনহাতে, শংকৰজ্যোতি বৰুৱা নামৰ আন এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ডঃ বাণীকান্ত কাকতি দেৱৰ নামত শ্মশান আৰু দীনদয়াল উপাধ্যায়ৰ নামত অসমত মহাবিদ্যালয়। কাৰ অৱদান কি আমি ভাবিবৰ হ’ল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd