২০২০ চনৰ আৰম্ভণিতে গুৱাহাটীলৈ চলিব বিদ্যুৎ চালিত ৰে’লগাড়ী !

electrict train imagge

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

শীঘ্রে গুৱাহাটীলৈ চলাচল কৰিব বৈদ্যুতিক ৰে’ল। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ, ৰে’লৱে বৈদ্যুতিকৰণ আঁচনিৰ অধীনত ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটীলৈ বিদ্যুত চালিত ৰে’ল চলাচল কৰাৰ আশা আছে। ডিচেম্বৰত সম্পূৰ্ণ নহলেও নতুন বছৰৰ আৰম্ভণিতে গুৱাহাটীলৈ চলিব বিদ্যুৎ চালিত ৰে’ল গাড়ী।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত মুঠ ৬,২৪২ কিলোমিটাৰ ৰে’লপথৰ প্ৰায় ৫০ শতাংশ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে।

বৰ্তমানলৈ এন এফ ৰে’লৱে ৫৩৪ কিলোমিটাৰ ৰে’লপথ বৈদ্যুতিকৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ সংমণ্ডলৰ অধীনৰ প্ৰায় ২১৯ কিলোমিটাৰ ৰে’লপথত বৈদ্যুতিকৰণ কৰা কাম সম্পূৰ্ণ হৈছে। মালদা কোৰ্ট-সিংঘাপাদ, কাটিহাৰ-মুকুৰিয়া আদি ৰে’লপথ সমূহকে ধৰি ৩১৫ কিলোমিটাৰ ৰে’লপথ পৰৱৰ্তী সময়ত বিদ্যুতিকৰণ কৰা হয়।

আনহাতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত জলপাইগুৰি-নিউ বঙাইগাঁও-গুৱাহাটী খণ্ডকে ধৰি মুঠ ১০৮৫ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে এক বিবৃতিযোগে প্ৰকাশ কৰিছে।

সকলো ঠিকে থাকিলে ২০২০ চনৰ প্ৰথমতে গুৱাহাটী মহানগৰীলৈ বিদ্যুত চালিত ৰেল চলাচল কৰা পূৰ্ণ সম্ভৱনা প্ৰকট হৈ পৰিছে।

উত্তৰ-পূৱ সীমান্ত ৰেলৱে উত্তৰ-পূৱত দ্বৈত ৰেলপথ নিৰ্মাণ আৰু ৰে’লপথ বৈদ্যুতিকৰণৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি ইয়াৰ ওপৰত কাম কৰি আছে।