• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেলনীয়া শাক-পাচলিৰ পৰাও তৈয়াৰ কৰিব পাৰি বিদ্যুৎ : ‘মন কী বাত’ত এইবাৰ কি ক’লে প্ৰধানমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 5:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইখন দেশতে এখন পাচলি বজাৰত ব্যৱহাৰ কৰা হয় পেলনীয়া শাক–পাচলিৰ পৰা প্ৰস্তত কৰা বিদ্যুৎ শক্তি। পাচলিৰ বজাৰখনত নষ্ট হৈ যোৱা শাক পাচলিৰ পৰাই বিদ্যুৎ তৈয়াৰ কৰি পাচলি বজাৰ খনৰ বাবেই ব্যৱহাৰ কৰা হয় সেই বিদ্যুৎ শক্তি।

হাইদৰাবাদৰ ব’ৱেনপালীৰ শাক–পাচলি বজাৰখনে প্ৰতিদিনে নিজৰ নষ্ট হৈ যোৱা পাচলিৰ পৰা উৎপাদন কৰে জৈৱ ইন্ধন। ইতিমধ্যে এই বজাৰখনে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

Apply Now

‘মন কী বাত’ৰ এটা খণ্ডত প্ৰধানমন্ত্ৰীয়ে একক জৈৱ বিদ্যুৎ, জৈৱ ইন্ধন আৰু জৈৱ গোবৰ উৎপাদনৰ এই প্ৰকল্পটোক প্ৰশংসা কৰে। লগতে আৱৰ্জনা সংস্থাপনৰ বাবে বজাৰ খনে লোৱা ব্যৱস্থাটোকো আগুৱাই লৈ যোৱাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

বজাৰৰ আৱৰ্জনা এতিয়া ধন–সম্পত্তিলৈ ৰূপান্তৰিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি লক্ষ্য কৰিছোঁ যে পাচলিৰ বজাৰত প্ৰতিদিনে বৃহৎ পৰিমাণৰ শাক–পাচলি পচি বা নষ্ট হৈ যায়, যাৰ ফলত অস্বাস্থ্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে হায়দৰাবাদৰ ব’ৱেনপালীৰ পাচলি ব্যৱসায়ীসকলে পেলনীয়া শাক–পাচলিৰ পৰা বিদ্যুৎ উৎপাদন কৰা দেখা গৈছে। এইটোৱেই হৈছে উদ্ভাৱনৰ শক্তি।”

উল্লেখ্য যে হাইদৰাবাদৰ এই বজাৰ খনে প্ৰতিদিনে প্ৰায় ১০ টন আৱৰ্জনাৰ সৃষ্টি কৰে। নষ্ট যোৱা পাচলিৰ পৰা সৃষ্টি হোৱা এই পাচলি সমূহৰ পৰা জৈৱিকভাবে ইন্ধন তৈয়াৰ কৰা হয় আৰু সেই ইন্ধন ষ্ট্ৰীট লাইটকে ধৰি বজাৰ খনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

ব’ৱেনপালীৰ শাক–পাচলি বজাৰৰ সচিব শ্ৰীনিবাসে এই বিষয়ে কয় যে এই বজাৰৰ পৰা সংগ্ৰহ কৰা শাক–পাচলি আৰু ফলৰ আৱৰ্জনা প্ৰায় ৫০০ ইউনিট বিদ্যুৎ আৰু ৩০ কিলোগ্ৰাম জৈৱ ইন্ধন উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। উৎপাদিত বিদ্যুতৰ দ্বাৰা ষ্ট্ৰীটলাইট, ১৭০ খন দোকান, এটা প্ৰশাসনিক ভৱন, আৰু পানী যোগান নেটৱৰ্কলৈ বিদ্যুৎ যোগান ধৰা হয়।

ইফালে উৎপাদিত জৈৱ ইন্ধন পাইপেৰে বজাৰৰ বাণিজ্যিক পাকঘৰসমূহলৈ প্ৰেৰণ কৰা হয়। এইদৰে বজাৰখনত সৃষ্টি হোৱা আৱৰ্জনাৰ উচিত ব্যৱহাৰৰ ফলত বজাৰখনো পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখা হৈছে। হাইদৰাবাদৰ এই বজাৰখনৰ এই উদ্ভাৱনী কাৰ্যক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়েও পৰিদৰ্শন কৰি শলাগ লৈছে।

উল্লেখ্য যে আৱৰ্জনাক শক্তিলৈ ৰূপান্তৰিত কৰা এই উদ্যোগটোত মহিলাসকলক আৱৰ্জনা ভাগ–বতৰা কৰা আৰু পৃথক কৰা, যন্ত্ৰপাতি চলোৱা, প্ৰশাসনিক কাম পৰিচালনা কৰা আদি বিভিন্ন কাম কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। এই উদ্যোগটোৱে মহিলা শ্ৰমিকসকলক দক্ষতা বিকাশৰ সুযোগৰ লগতে এক স্থিৰ আয়ৰ সুবিধা প্ৰদান কৰিছে।

ব’ৱেনপালীৰ শাক–পাচলি বজাৰৰ এগৰাকী মহিলা কৰ্মচাৰী ৰুকামিনি দেৱম্মাই কয়, ‘বায়’–গেছ প্লাণ্ট স্থাপনৰ লগে লগে আমি যথেষ্ট উপকৃত হৈছোঁ। আমি এই উদ্যোগটোত কাম কৰি যথেষ্ট দৰমহা লাভ কৰিবলৈ সক্ষম হৈছোঁ। লগতে আমাক মাস্ক, গাম বুট, গ্ল’ভছ আদি সকলো প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী দিয়া হৈছে। এইদৰে নিৰাপদ পৰিৱেশ পোৱাৰ পিছত আমি আন মহিলা সকলকো আমাৰ লগত যোগদান কৰিবলৈ আৰু আমাৰ সৈতে কাম কৰিবলৈ উৎসাহিত কৰিছোঁ।”

বজাৰখনৰ বিষয়াসকলৰ মতে, গড়ে প্ৰতিদিনে ১০ টন আৱৰ্জনা উৎপন্ন হয়। এই আৱৰ্জনাবোৰে বছৰি প্ৰায় ৬,২৯০ কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰাৰ সম্ভাৱনা আছে, যি পৰিৱেশ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে। এই সমস্যাটোৰ সমাধানৰ বাবে ব’ৱেনপালিৰ শাক–পাচলি বজাৰৰ বিষয়াসকলে এই আৱৰ্জনাবোৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd