বৈদ্যুতিক শ্বক দি দঁতাল হাতীক হত্যা: অভিযুক্তৰ সন্ধানত অব্যাহত বন বিভাগ আৰু আৰক্ষীৰ অভিযান

Elephant Dies Of Electrocution

ছত্তীশগড়ৰ বালোদা বজাৰ জিলাৰ দেৱপুৰ অঞ্চলত বৈদ্যুতিক শ্বকৰ ফলত মৃত্যু হোৱা এটা দঁতাল হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্বৃত্তৰ এটা দলে বৈদ্যুতিক শ্বট দি হাতীটোক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দুদিন পূৰ্বে সংঘটিত এই ঘটনাত হত্যাৰ বলি হোৱা হাতীটোৰ মৃতদেহ বন বিভাগৰ বিশ্ৰাম গৃহৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত পৰি আছিল। মৃতদেহটোৰ পৰা দুৰ্গন্ধ বিয়পাৰ পাছত গোন্ধৰ উৎস পৰীক্ষা কৰাৰ সময়তহে মৃতদেহটো উদ্ধাৰ কৰে বন বিভাগে।

স্থানীয় ডিএফঅ’ মায়াংক আগৰৱালে জানিবলৈ দিয়া মতে হাতীটোৰ মৃতদেহৰ বিষয়ে খবৰ পোৱাৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে পশু চিকিৎসকৰ এটা দলক ঘটনাস্থলীলৈ মাতি নিয়া হয়। মৰণোত্তৰ পৰীক্ষাত ১১ কেভি বৈদ্যুতিক শ্বকৰ বাবে হাতীটোৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰা হৈছে।

মৃত দঁতাল হাতীটোৰ বয়স প্ৰায় ২২ ৰ পৰা ২৬ বছৰ হ’ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হাতীটোক হত্যা কৰাত ব্যৱহৃত বৈদ্যুতিক তাঁৰডাল উদ্ধাৰ কৰিছে।

হাতীটোৰ হত্যাৰ সৈতে জড়িত অভিযুক্তসকল এতিয়াও সন্ধানহীন হৈ আছে বুলি উল্লেখ কৰি আগৰৱালে অভিযুক্তসকলৰ সন্ধান অব্যাহত আছে বুলি জানিবলৈ দিয়ে।