NORTHEAST NOW (Assamese)

গোলাঘাটৰ জলাশয়ত আৱদ্ধ হৈ পৰা বনৰীয়া হাতীৰ মৃত্যু

July 4, 2021 8:36 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

গোলাঘাট ৰেঞ্জৰ নুমলীগড় বিট কাৰ্যালয়ৰ অন্তৰ্গত খুমটাইৰ সমীপৰ বৰবিলৰ জলাশয়ত আৱদ্ধ হৈ পৰা এটা প্ৰাপ্ত বয়স্ক বনৰীয়া হাতীৰ শনিবাৰে মৃত্যু হয়।

বন কৰ্তৃপক্ষই এচিএফ ৰিতু পৱন বৰাক হাতীটোৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে নিয়োগ কৰিছে।

বন বিভাগে জানিবলৈ দিয়া মতে এটা প্ৰাপ্ত বয়স্ক হাতী জাকৰ পৰা পৃথক হৈ যোৱা ১ জুলাইৰ পুৱা প্ৰায় ১০.৩০বজাত বৰবিলত প্ৰৱেশ কৰিছিল।

গোলাঘাট ৰেঞ্জৰ বনাঞ্চলিক বিষয়াই খৱৰ পোৱাৰ পাছতে বনকৰ্মীৰ দল লগত লৈ ঘটনাস্থলীত উপস্থিত হৈছিল।

বনাঞ্চলিক বিষয়াগৰাকীয়ে কাজিৰঙাৰ পানবাৰী চিডব্লিউআৰচিৰ পশুচিকিৎসকক যোগাযোগ কৰাত তেওঁ সন্ধিয়ালৈকে হাতীটোক নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিয়ে যাতে ই জলাশয়ৰ পৰা উঠি আহিব পাৰে।

বিয়লি বনকৰ্মীসকলে হাতীটোৱে জলাশয়ৰ পৰা উঠি আহিবলৈ চেষ্টা চলোৱা প্ৰত্যক্ষ কৰে যদিও কেইবাবাৰো চেষ্টা কৰাৰ পাছত হাতীটো উঠি অহাত ব্যৰ্থ হয়।

প্ৰায় সন্ধিয়া হৈ অহাৰ সময়ত বনকৰ্মীসকলে এখন নাৱেৰে হাতীটোৰ কাষ পাই দেখে যে হাতীটোৰ মৃত্যু ঘটিছে।

শনিবাৰে হাতীটোৰ মৃতদেহটো ক্ৰেনৰ সহায়ত জলাশয়ৰ পৰা তুলি অনা হয় আৰু পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত হাতীটোতে জলাশয়ৰ ওচৰতে সমাধিস্থ কৰা হয়।

মৰণোত্তৰ পৰীক্ষা কৰা পশু চিকিৎসকগৰাকীৰ মতে বিভিন্ন অংগ বিকল হৈ পৰাৰ ফলতে হাতীটোৰ মৃত্যু ঘটিছে।

Related News