• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী চোৰাং বেপাৰীৰ নে’টৱৰ্কৰ গ্ৰাসত অসমকে ধৰি উত্তৰ-পূবৰ তিনি ৰাজ্য

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ বা চি বি আইৰ এক সঠিক তদন্ত হ’ব এই আন্তঃৰাজ্যিক হাতী চোৰাং বেপাৰৰ নে’টৱৰ্ক খতম কৰাৰ একমাত্ৰ উপায়।

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 3, 2019 9:49 pm
Elephant smugglers network run across Assam, Arunachal Pradesh and Nagaland

প্ৰতীকী ছবি। সৌজন্য-- www.developmentnews.in।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ বাহিৰৰ ক্ৰেতাক চৰা দামত হাতী বিকাৰ বাবে অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত চোৰাং বেপাৰীয়ে চলাই আছে এক কুখ্যাত আন্তঃৰাজ্যিক নে’টৱৰ্ক।

কাজিৰঙা ৱাইল্দলাইফ চ’চাইটিৰ সম্পাদিকা মুবিনা আখতাৰে বুধবাৰে নৰ্থ ইষ্ট নাওক জনায় যে এই আন্তঃৰাজ্যিক হাতী চোৰাং বেপাৰী নে’টৱৰ্কটো সন্দৰ্ভত তেওঁলোকৰ হাতত নিশ্চিত তথ্য আছে।

“এইটো সঁচাকৈয়ে বৰ দুখৰ কথা যে চোৰাং বেপাৰী নে’টৱৰ্কৰ পৰা আমাৰ হাতীকেইটা বচোৱাৰ বাবে আমি এখন পৰাজয়ৰ ৰণত যুঁজিব লগা হৈছে,” সুখ্যাত বন্যপ্ৰাণী সাংবাদিক আৰু কৰ্মী আখতাৰে কয়।

অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ হাবিত চোৰাং বেপাৰীসকল চিৰদিনে পোৱালি হাতীৰ সন্ধানত আছে, তেওঁ কয়।

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ কঠোৰ ব্যৱস্থা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও উত্তৰ-পূবৰ এই তিনি ৰাজ্যৰ পৰা হাতী বিক্ৰী এতিয়াও এক লাভজনক ব্যৱসায়ৰূপে অব্যাহত আছে।

“তেওঁলোকে (চোৰাং বেপাৰী) হাতী থকা জংঘলৰ কাষৰ গাৱঁৰ লোকক জৰিত কৰে, আৰু পোৱালি হাতী ধৰিবলৈ ফান্দী হিচাপে ব্যৱহাৰ কৰে,” আখতাৰে কয়।

Mubina-Akhtar-Elephant smugglers network run across Assam, Arunachal Pradesh and Nagaland
মুবিনা আখতাৰ। ফাইল ছবি।

এই তিনি ৰাজ্যত সক্ৰিয় চোৰাং বেপাৰীসকলে একাংশ অসাধু বন বিষয়াৰ মৌন সমৰ্থনত বনৰ পৰা ধৰা পোৱালি হাতীক বৈধ কৰাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ যোগাৰ কৰে, আৰু সিহঁতৰ পৰিবহণ কৰে।

“উত্তৰ-পূবৰ ক্ষমতাশালী ৰাজনীতিকো হাতীৰ চোৰাং বেহা নে’টৱৰ্কৰ অংশ হোৱাৰ পূৰা সম্ভাৱনা আছে,” বন্যপ্ৰাণী কৰ্মীগৰাকীয়ে কয়।

শেহতীয়াকৈ আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ পৰিবহণ কৰিব খোজা হাতী চাৰিটাৰ দুটা— ৰূপসিং আৰু ৰাণীকো বনত ধৰা।

অসমৰ বন বিভাগে হাতী চাৰিটাৰ পৰিবহণ প্ৰক্ৰিয়াৰ দ্ৰুতগতিত দিহা লগোৱাৰ চেষ্টা কৰিছিল।

গুজৰাট বন বিভাগৰ আপত্তিহীনতাৰ প্ৰমাণপত্ৰ পোৱাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে অসমৰ বন বিভাগে হাতীকেইটাক পৰিবহণৰ অনুমতি জাৰি কৰিছিল।

লগতে পঢ়ক– বিহাৰ, উত্তৰ প্ৰদেশৰ বেপাৰীয়ে চ’নপুৰ মেলাত বিকিছিল অসমৰ ১৬৭টা হাতী

ৰূপসিং আৰু ৰাণীৰ মাইক্ৰ’চিপ সংৰোপণ আৰু মালিকীস্বত্বৰ প্ৰমাণপত্ৰ দিয়াৰ দিনাই সিহঁতৰ পৰিবহণৰ অনুমতি দিয়া হৈছিল।

আচৰিত কথাটো হৈছে– বাওঁফালৰ আগঠেঙত গুলীৰ নুশুকোৱা অৱস্থাতে ৰূপসিঙক সুস্থতাৰ প্ৰমাণপত্ৰ দিয়াটো।

গুলীৰ আঘাতে ইংগিত দিয়ে যে পোৱালি হাতীটো আঘাত কৰি বন্দী কৰাৰ বাবে চোৰাং বেপাৰীসকলে গুলী চলাইছিল।

লগতে পঢ়ক– পোৱালি হাতী বিচাৰি চোৰাং বেপাৰীয়ে পিয়াপি দিছে অসমৰ জংঘলত

হাতী দুটাৰ বয়স প্ৰায় ছবছৰ যদিও ২০১৮ চনৰ ৩০ ডিচেম্বৰত দাখিল কৰা ৯০৫টা বন্দী হাতীৰ তালিকাত সিহঁতৰ নাম নাই। এই ৯০৫টা বন্দী হাতীৰ তালিকাখন অসমৰ প্ৰাক্তন মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ডি পি বাংখাৱালে বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ক দাখিল কৰিছিল।

“এইটো স্ফটিকৰ দৰে স্পষ্ট যে বনত ধৰা হাতীসমূহক বৈধতা প্ৰদানৰ বাবে চোৰাং বেপাৰীসকলে সদায়ে একোটা উপায় উলিয়াবলৈ সক্ষম হয়,” এই অবৈধ বেহাত বন বিষয়াসকলৰ ভূমিকা সদায়ে অন্ধকাৰ বুলি উল্লেখ কৰি আখতাৰে কয়।

বন্যপ্ৰাণী কৰ্মীগৰাকীয়ে দাবী কৰে যে বিষয়টো সন্দৰ্ভত পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে তাৎক্ষণিকভাৱে গোচৰ লোৱা, আৰু অবৈধ বেহা ৰোধৰ বাবে এক উচ্চ স্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া উচিত।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ বা চি বি আইৰ এক সঠিক তদন্ত হ’ব এই আন্তঃৰাজ্যিক হাতী চোৰাং বেপাৰৰ নে’টৱৰ্ক খতম কৰাৰ একমাত্ৰ উপায়, আখতাৰে কয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am
ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am
ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd