প্ৰায় দুই বছৰ ধৰি কাৰাগাৰত আবদ্ধ থকাৰ পিছত অৱশেষত আজি কাৰামুক্ত হ’ল ভীমা কোৰেগাঁও গোচৰৰ অন্যতম অভিযুক্ত সমাজ অধিকাৰ কৰ্মী আনন্দ টেলটুম্বডে। যোৱা ১৮ নৱেম্বৰতে বম্বে উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত আজি নৱী মুম্বাইৰ তালোজা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় বিশিষ্ট মানৱ অধিকাৰ কৰ্মীগৰাকীক।
টেলটুম্বডেক বম্বে উচ্চ ন্যায়ালয়ে ১৮ নৱেম্বৰত জামিন প্ৰদান কৰিছিল যদিও তদন্তকাৰী সংস্থা নিয়াই এই জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰিছিল। কিন্তু শুকুৰবাৰে শীৰ্ষ আদালতে এই আবেদন নাকচ কৰিছিল।
এই বিতৰ্কিত গোচৰত প্ৰায় দুটা বছৰ কাৰাগাৰৰ ভিতৰত কটোৱা ৭৩ বছৰীয়া টেলটুম্বডে কিছুসময় পূৰ্বে ১.১৫ বজাত কাৰাগাৰৰ পৰা ওলাই আহে বুলি কাৰাগাৰৰ এগৰাকী বিষয়াই সদৰী কৰিছে।
“শুকুৰবাৰে শীৰ্ষ আদালতে বম্বে উচ্চ ন্যায়ালয়ে টেলটুম্বডেক জামিন দিয়াৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই NIAৰ আবেদন খাৰিজ কৰিছিল। সেই অনুসৰি জামিনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়।”- বিষয়া গৰাকীয়ে লগতে কয়।
উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত আয়োজিত এক অনুষ্ঠানৰ পিছদিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত উচতনি দিয়াৰ অভিযোগত আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ভাৰভাৰা ৰাওসহ কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।
এই গোচৰত গ্ৰেপ্তাৰ হোৱা ১৬ গৰাকী অভিযুক্তৰ ভিতৰত জামিনত মুকলি হোৱা তৃতীয়গৰাকী অভিযুক্ত হৈছে টেলটুম্বডে। যোৱা বৰ্ষৰ শেষৰ ফালে অধিবক্তা সুধা ভৰদ্বাজে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছিল।
আনহাতে কবি তথা মানৱ অধিকাৰ কৰ্মী ভাৰভাৰা ৰাওক যোৱা ১০ আগষ্টত স্বাস্থ্যজনিত কাৰণত জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। ইফালে আন এগৰাকী অভিযুক্ত গৌতম নৱলাখাক শেহতীয়াকৈ স্বাস্থ্যজনিত কৰাণতে এমাহৰ বাবে গৃহবন্দীত্বৰ আবেদন অনুমোদন জনাইছিল শীৰ্ষ আদালতে।
স্মৰ্তব্য যে ইতিমধ্যে এই গোচৰৰ এগৰাকী অন্যতম অভিযুক্ত মানৱ অধিকাৰ কৰ্মী ফাডাৰ ষ্টেন স্বামীয়ে কাৰাগাৰৰ ভিতৰতে মৃত্যুবৰণ কৰিছে। এতিয়াও কাৰাগাৰত আবদ্ধ হৈ আছে কেইবাগৰাকীও অভিযুক্ত ব্যক্তি।
তেওঁলোকৰ ওপৰত কাৰাগাৰত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে নূন্যতম স্বতন্ত্ৰতাতো বাধা দিয়া হৈছে বুলি অভিযোগ উঠিছে।