NORTHEAST NOW (Assamese)

দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়

April 26, 2022 7:24 am · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত দৰে-দামে মিলিল আৰু টুইটাৰ (Twitter) কিনিয়েই পেলালে আমেৰিকাৰ ধনকুবেৰ এলন মাস্কে। মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ ক্ৰয় কৰোতে মাস্কৰ ব্যয় হ’ল নগদ ৪,৪৪০ কোটি ডলাৰ।

ভাৰতীয় মুদ্ৰাত প্ৰায় ৩,৩৬,৯৪১ কোটি ২২লাখ টকাত এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ। তেওঁ এই অংশীদাৰিত্ব ক্ৰয় কৰাৰ বাবে সম্পূৰ্ণ টকা নগদ আদায় দিছে।

লগতে পঢ়ক: প্ৰত্যুত্তৰ! এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

টুইটাৰ বোৰ্ডৰ ফালৰ পৰা ব্ৰেট টেলৰে জানিবলৈ দিয়ে যে দীঘলীয়া বৈঠকত এলন মাস্কৰ প্ৰস্তাৱটো ফহিয়াই চোৱা হয়। মাস্কৰ প্ৰস্তাৱটো সঠিক বুলি সিদ্ধান্ত লোৱা হয়। টুইটাৰৰ প্ৰতিগৰাকী অংশীদাৰীৰ বাবে আটাইতকৈ ভাল উপায় হিচাপে বিবেচনা কৰা হৈছে।

টুইটাৰৰ মুখ্য কাৰ্যবাহী পৰাগ আগৰৱালে কয়, ‘’টুইটাৰৰ এটা উদ্দেশ্য আৰু প্ৰাসংগিকতা আছে। ই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰে। আমাৰ গোটেই দলটোৰ বাবে মই বৰ গৌৰৱ অনুভৱ কৰিছো।‘’

উল্লেখ্য যে কিছুদিন পূৰ্বে এলন মাস্কে প্ৰায় ২২হাজাৰ কোটি ডলাৰৰ বিনিময়ত টুইটাৰৰৰ ৯.২ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। এইবাৰ সম্পূৰ্ণ মালিকীস্বত্বই তেওঁ ল’লে।

লগতে পঢ়ক: দেশৰ উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শিক্ষা দিব নিবিচাৰে নেকি মোদী চৰকাৰে?

এলন মাস্কে জনায় যে টুইটাৰৰ অংশীদাৰিত্ব ক্ৰয়ৰ সময়তে তেওঁ ভাৱিছিল যে টুইটাৰ গোটেই বিশ্বতে বাক্ স্বাধীনতাৰ প্ৰধান মাধ্যম হৈ উঠিব। কিন্তু বিনিয়োগৰ পিছত তেওঁ হেনো উপলব্ধি কৰিছে যে বৰ্তমান সময়ত টুইটাৰৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে ব্যক্তিগত মালিকীস্বত্বৰ কোম্পানী হিচাপে ইয়াৰ পৰিৱৰ্তন কৰাই এতিয়া তেওঁৰ লক্ষ্য।  

Related News