NORTHEAST NOW (Assamese)

ট্ৰাম্প-মাস্কৰ যুটীত ভাঙোন! আমেৰিকা প্ৰশাসনৰ পৰা পদত্যাগ টেছলাৰ চিইঅ’ ইলন মাস্কৰ

May 29, 2025 2:40 pm · এন ই নাও নিউজ, গুৱাহাটী

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ উপদেষ্টাৰ পদৰ পৰা পদত্যাগ কৰিছে বিশ্বৰ শীৰ্ষ ধনী ব্যক্তি ইলন মাস্কে। ট্ৰাম্প প্ৰশাসনত DOGEৰ মুৰব্বী আছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মাস্ক-ট্ৰাম্পৰ যুটিয়ে ধুমুহাৰ সৃষ্টি কৰিছিল।

মাস্কে নিজেই এটা ছ’চিয়েল মিডিয়া পোষ্টত এই কথা ঘোষণা কৰে। তেওঁ কয়, “আমেৰিকা চৰকাৰৰ বিশেষ কৰ্মচাৰী হিচাপে মোৰ কাৰ্যকাল শেষ হৈছে। মোক অপচয়মূলক চৰকাৰী ব্যয় হ্ৰাস কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ধন্যবাদ জনাইছো। সময়ৰ লগে লগে DOGEৰ লক্ষ্য আৰু অধিক শক্তিশালী হ’ব।”

কিছুদিন ধৰি জল্পনা-কল্পনা চলি আছিল যে ড’জেৰ কাম চোৱাচিতা কৰাৰ বাবে তেওঁ নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব পৰা নাই।

‘ৱান বিগ বিউটিফুল বিল’ক লৈ মাস্ক আৰু ট্ৰাম্পৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছিল বুলি অনুমান কৰা হৈছে। মাস্কে কয়, ‘হয়তো বিল ডাঙৰ হ’ব পাৰে অথবা দুৰ্দান্ত হ’ব পাৰে। কিন্তু মই নাভাবো যে একে সময়তে দুয়োটা হ’ব পাৰে।’

হোয়াইট হাউছৰ এজন বিষয়াই নিশ্চিত কৰিছে যে মাস্কে আমেৰিকা চৰকাৰ এৰিছে। মাস্কে ১৩০ দিন আমেৰিকা চৰকাৰৰ বিশেষ কৰ্মচাৰী হিচাপে কাম কৰিছিল।

দীৰ্ঘদিন ধৰি ইলন মাস্কৰ টেছলাৰ বিক্ৰী হ্ৰাস পোৱাৰ জল্পনা-কল্পনা চলি আহিছে। টেছলাৰ শ্বেয়াৰ ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ পিছত বিনিয়োগকাৰীসকলে মূৰ দাঙি উঠিব পৰা নাই। ইতিমধ্যে টেছলাৰ বিনিয়োগকাৰীসকলেও মাস্কৰ পদত্যাগৰ দাবী জনাইছে। মাস্কৰ কোম্পানী টেছলা আমেৰিকাত ব্যাপক বৰ্জনৰ সন্মুখীন হৈছে। কোম্পানীটোৰ গাড়ী বিক্ৰীৰ পৰা আৰম্ভ কৰি শ্বেয়াৰলৈকে সকলোতে ইয়াৰ প্ৰভাৱ দেখা গৈছে।

শেহতীয়াকৈ টেছলাৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ মাজতে মাস্কে এক বিবৃতি প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁৰ বাবে এইটো পৰিচালনা কৰাটো অতি কঠিন হৈ পৰিছে।

Related News