• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎক্ষেপণৰ পিছতে ষ্টাৰশ্বিপৰ নিয়ন্ত্ৰণ হেৰুৱালে ইলন মাস্কৰ স্পেচএক্সে; বিস্ফোৰণত ধ্বংস মহাকাশযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 7:47 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎক্ষেপণৰ কিছু মুহূৰ্তৰ পিছতে ষ্টাৰশ্বিপৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় ইলন মাস্কৰ স্পেচএক্সে। স্পেচএক্সে এই ৰকেট উৎক্ষেপণৰ লাইভ ষ্ট্ৰীমিং কৰিছিল। ইয়াত দেখা গৈছে যে উৎক্ষেপণৰ কিছু সময়ৰ পিছতে ষ্টাৰশ্বিপৰ ইঞ্জিন বন্ধ হৈ যায়। পিছত বাহামাৰ ওপৰত হোৱা বিস্ফোৰণত ই ধ্বংস হৈ যায়।

ইয়াৰ দুমাহ পূৰ্বে ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপণৰ পিছত মহাকাশযানখন বিস্ফোৰণত টুকুৰা টুকুৰ হৈছিল। আকৌ ৬ মাৰ্চত মহাকাশলৈ ‘মক চেটেলাইট’ উৎক্ষেপণৰ বাবে ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপণ কৰা হৈছিল। মুঠতে ষ্টাৰশ্বিপৰ এইটো অষ্টমটো পৰীক্ষামূলক উৎক্ষেপণ আছিল বুলি জানিবলৈ দিয়ে স্পেচএক্সে।

Apply Now

প্ৰথম অৱস্থাত স্পেচএক্সৰ অষ্টমটো টেষ্ট লঞ্চত সকলো ঠিকেই চলি আছিল। সফলতাৰে মাটি এৰি বতাহত উঠিল। ইয়াৰ পিছতে ৰকেটটোৱে বিভিন্ন পৰ্যায়ত পৃথক হৈ মহাকাশলৈ যাত্ৰা অব্যাহত ৰাখিছিল। ইফালে প্ৰথম পৰ্যায়ৰ বুষ্টাৰখন ৰকেটৰ পৰা পৃথক হৈ লঞ্চপেডলৈ উভতি আহিল, য’ত ইয়াক ‘মেকানিকেল আৰ্ম’য়ে সফলতাৰে ধৰি ৰাখিলে। কিন্তু কিছু মুহূৰ্তৰ পিছত স্পেচএক্সে ষ্টাৰশ্বিপৰ উচ্চতাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। পিছত বাহামাৰ ওপৰত হোৱা বিস্ফোৰণত মহাকাশযানখন ধ্বংস হৈ পৰে।

সূৰ্যাস্তৰ কিছু সময়ৰ পূৰ্বে টেক্সাছৰ পৰা উৎক্ষেপণ কৰা হৈছিল ৪০৩ ফুট দীঘল ৰকেটটো। এই উৰণ প্ৰায় এঘণ্টা সময় চলিব লাগিছিল। এই ৰকেটটো মহাকাশ পোৱাৰ পিছত পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল। ভাৰত মহাসাগৰৰ ওপৰেৰে নিয়ন্ত্ৰিতভাৱে পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু সেই সকলোবোৰৰ আগতে স্পেচএক্সে ৰকেটটোৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়।

ইপিনে, স্পেচএক্সে তৃতীয়বাৰৰ বাবে বুষ্টাৰ কেচ সম্পূৰ্ণ কৰিলে। ইয়াৰ পূৰ্বে স্পেচএক্সে ২০২৪ চনৰ অক্টোবৰ মাহত প্ৰথমবাৰৰ বাবে এই কাম কৰিছিল। আৰু ৬ মাৰ্চত ইলন মাস্কৰ কোম্পানীয়ে অবিশ্বাস্য অভিযান্ত্ৰিক দক্ষতা প্ৰদৰ্শন কৰিছিল। লঞ্চপেডে ষ্টাৰশ্বিপ ৰকেটৰ উৰণীয়া বুষ্টাৰ এটা ‘কেচ’ কৰিলে অৰ্থাত ধৰি পেলালে।

উৎক্ষেপণৰ সময়ত ৰকেটটো ধৰি ৰখা হেণ্ডেলটোৱে তললৈ নামি অহা বুষ্টাৰটোক নিখুঁতভাৱে ধৰি ৰাখে। এই স্পেচএক্স প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ পিছত বুষ্টাৰটো লঞ্চপেডত অক্ষত অৱস্থাত ধৰি ৰখা হৈছে। অন্যথা এই বুষ্টাৰবোৰ সাধাৰণতে সাগৰত অৱতৰণ কৰা হয়। স্পেচএক্সে বিগত ৯ বছৰ ধৰি ৰকেট উৎক্ষেপণৰ সময়ত সাগৰত বুষ্টাৰ অৱতৰণ কৰি আহিছে। পিছত বুষ্টাৰবোৰ তাৰ পৰা ঘূৰাই আনিব।

Liftoff of Starship! pic.twitter.com/OL7moLdZ2u

— SpaceX (@SpaceX) March 6, 2025

মন কৰিবলগীয়া যে ষ্টাৰশ্বিপ ৰকেটে ১০০ টন যন্ত্ৰপাতি বা ১০০ মহাকাশচাৰী কঢ়িয়াই নিব পাৰে। এই ছুপাৰ হেভি বুষ্টাৰত ৩৩টা ইঞ্জিন আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে স্পেচএক্সে ১৬ জানুৱাৰীত স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৩৮ বজাত টেক্সাছৰ বোকা চিকা লঞ্চ চেণ্টাৰৰ পৰা সপ্তমখন পৰীক্ষামূলক বিমানত মহাকাশলৈ ষ্টাৰশ্বিপ ৰকেট উৎক্ষেপণ কৰিছিল। সেই ৰকেট উৎক্ষেপণত ব্যৱহাৰ কৰা বুষ্টাৰটো লঞ্চপেডলৈ উভতি আহে আৰু তাক ‘কেচ’ কৰা হয় । অৱশ্যে মহাকাশলৈ গতি কৰা ৰকেটটো ধ্বংস হৈ পৰে।

Watch Starship's eighth flight test → https://t.co/alyJTRtgTh https://t.co/7xtpEucyQB

— SpaceX (@SpaceX) March 6, 2025

যোৱা ১৬ জানুৱাৰীত পৰিকল্পনা অনুসৰি মহাকাশলৈ উৰি যোৱাৰ পিছত ষ্টাৰশ্বিপ ৰকেটটো কোনো এটা সময়ত বুষ্টাৰৰ পৰা পৃথক হৈ পৰে। তাৰ পিছত ৰকেটৰ ছুপাৰ হেভি বুষ্টাৰটো স্পেচ এক্স টাৱাৰলৈ উভতি আহিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ নৱেম্বৰ, অক্টোবৰ, জুন আৰু মাৰ্চ মাহত আৰু ২০২৩ চনৰ এপ্ৰিল আৰু নৱেম্বৰ মাহত এই ৰকেটৰ পৰীক্ষা কৰা হৈছিল। মাস্কে আন গ্ৰহত মানুহৰ বসতি স্থাপনৰ বাবে এই ষ্টাৰশ্বিপ ৰকেট প্ৰকল্পটো চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd