কোন বা জিকে! টুইটাৰ আৰু মেটাৰ মাজত ‘থ্ৰেডছ’ক লৈ যুঁজ; আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ

তথ্য প্ৰযুক্তি সংস্থা মেটাই শেহতীয়াকৈ মুকলি কৰিছে টুইটাৰৰ বিকল্প এপ ‘থ্ৰেডছ’ (Threads)। ইয়াৰ বাবে টুইটাৰে মেটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰিছে। টুইটাৰৰ প্ৰাক্তন কৰ্মচাৰীৰ সহায়ত থ্ৰেডছ এপটো প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে মেটাৰ বিৰুদ্ধে। অৱশ্যে মেটাই এই অভিযোগ অস্বীকাৰ কৰে।

টুইটাৰৰ গৰাকী ইলন মাস্কে কয় যে ‘প্ৰতিযোগিতা ভাল, কিন্তু প্ৰতাৰণা নহয়।’ তেওঁ অভিযোগ কৰে যে থ্ৰেডছ এপটো টুইটাৰৰ প্ৰাক্তন কৰ্মচাৰীৰ সহায়ত সৃষ্টি কৰা হৈছে। কিন্তু মেটাই প্ৰত্যুত্তৰত আইনী পত্ৰযোগে এই দাবী অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়ে। কেনেকৈ?

টুইটাৰৰ অধিবক্তা এলেক্স স্পাইৰ’ই মেটাৰ চিইঅ’ জুকাৰবাৰ্গলৈ এখন পত্ৰ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি টুইটাৰৰ এজন কৰ্মচাৰীক নিয়োগ কৰি মেটাই সৃষ্টি কৰা থ্ৰেডছ টুইটাৰৰ নকল। মেটাই টুইটাৰৰ বাণিজ্যিক গোপন তথ্য আৰু বৌদ্ধিক সম্পত্তি (Intellectual Property) চুৰি কৰিছে।

স্পিৰ’ই কয়, এই চিঠিখনক আইনী জাননী হিচাপে গণ্য কৰা উচিত। তেওঁলোকে কোনো ধৰণে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ এৰিব নিবিচাৰে। এতিয়া তেওঁলোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

টুইটাৰে দাবী কৰিছে, যদি মেটাই নতুন এপ আনিব বিচাৰে তেন্তে আনিবই পাৰে। কিন্তু সেইবুলি তেওঁলোকৰ নকল কৰি এপ বজাৰত মুকলি কৰাৰ অৰ্থ কি?

লগতে পঢ়ক: উপায়হীন ঠিকাদাৰ! চৰকাৰে বিল পৰিশোধ নকৰাৰ বাবে ডিজিপি কাৰ্যালয়ত সমবেত ঠিকাদাৰৰ দল

থ্ৰেডছৰ হৈ মেটাৰ মুখপাত্ৰ এণ্ডি ষ্টোনে এটা পোষ্ট কৰি জনাইছে যে, ‘থ্ৰেডছৰ অভিযান্ত্ৰিক দলৰ কোনো এজনেই টুইটাৰৰ প্ৰাক্তন কৰ্মচাৰী নহয়।

উল্লেখ্য যে বুধবাৰে মেটাৰ থ্ৰেডছ এপ মুকলি কৰাৰ সাত ঘণ্টাৰ ভিতৰত ১ কোটি ইউজাৰে ছাইন আপ কৰা বুলি জানিবলৈ দিছে মাৰ্ক জুকাৰবাৰ্গে। এই নতুন এপটোৰ বাবে এতিয়ালৈকে ৩ কোটিৰো অধিক লোকে ছাইন আপ কৰিছে বুলিও মেটাই জানিবলৈ দিয়ে।