NORTHEAST NOW (Assamese)

এলভিছ আলি হাজৰিকাৰ অভিলেখ; ১০ ঘণ্টা ৫৯ মিনিটত সাঁতুৰিলে কেটেলিনা চেনেল

August 16, 2019 2:04 pm · এন ই নাও নিউজ

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি আন এক অভিলেখ গঢ়িলে অসম সন্তান এলভিছ আলি হাজৰিকাই।

এলভিছে যুক্তৰাষ্ট্ৰৰ পৰা মেক্সিক’ৰ সমুদ্ৰ তীৰলৈকে সাঁতুৰিছে। এই চেনেলৰ দৈৰ্ঘ্য প্ৰায় ২০ মাইল।

ইফালে এই অভিযানৰ সময়ত এলভিছক সংগ দিছিল প্ৰাক্তন আন্তৰ্জাতিক সন্তৰণবিদ ৰিম’ চাহাই। চেনেলৰ দূৰত্ব অতিক্ৰম কৰিবলৈ দুয়োজনে সময় লয় ১০ ঘণ্টা ৫৯ মিনিট।

এই কেটেলিনা চেনেলত অজস্ৰ ডলফিন আৰু চা্ৰ্ক আছে। আৰু ইয়াৰ মাজতে অত্যন্ত সাহসেৰে এই অভিযান সমাপন কৰা কাৰ্যক সকলোৱে অভিনন্দন জনাইছে।

ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা বছৰ দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা নীল-অভিৰ নামত উৎসৰ্গিত কৰি কেটেলিনা চেনেল সাঁতোৰা পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে ৩৪ বছৰীয়া এলভিছ আলী হাজৰিকা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ যিয়ে উত্তৰ-পূবৰ পৰা প্ৰথম ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ অভিলেখ গঢ়িছিল।

Related News