• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি মুম্বাইত সাক্ষাৎকাৰ; ৰবি শাস্ত্ৰীৰ সম্ভাৱনা সজীৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 16, 2019 4:22 pm

2 min read

Ravi Shastri with kohli

বিৰাট কোহলীৰ সৈতে ৰবি শাস্ত্ৰী। ফাইল ছবি

6.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰ চলি আছে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইৰ মুখ্য কাৰ্যালয়ত।

কোন হ’ব ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক, সেয়া নিৰ্ধাৰণ কৰাৰ দায়িত্ব কপিল দেব নেতৃত্বাধীন ক্ৰিকেট পৰামৰ্শদাতা সমিতিৰ।

কপিল দেবৰ উপৰি সমিতিখনত আছে অংশুমান গাইকোৱাৰ আৰু শান্তা ৰংগাস্বামী।

জানিব পৰা মতে আজি সন্ধিয়া এক সংবাদমেলৰ জৰিয়তে পৰৱৰ্তী প্ৰশিক্ষকৰ নাম ঘোষণা কৰিব।

উল্লেখ্য যে কেইবা গৰাকীয়েও প্ৰশিক্ষক হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও বি চি আইয়ে তাৰ মাজৰ পৰা সাক্ষাৎকাৰৰ বাবে ছয়গৰাকীক বাচনি কৰি উলিয়াইছিল।

বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ উপৰি ভাৰতৰ প্ৰাক্তন খেলুৱৈ লালচন্দ ৰাজপুত আৰু ৰবিন সিং, মাইক হেছন, ফিল ছিমন্স, টম মুদীয়ে আজি প্ৰশিক্ষক পদৰ বাবে সাক্ষাৎকাৰ প্ৰদান কৰিব।

জানিব পৰা মতে কেৱল লালচন্দ ৰাজপুত, ৰবিন সিং আৰু মাইক হেছনেহে বি চি চি আইৰ কাৰ্যালয়ত উপস্থিত হৈ সাক্ষাৎকাৰ প্ৰদান কৰিব।

ইফালে অন্য কেইজনে স্কাইপৰ জৰিয়তে সাক্ষাৎকাৰত অংশ ল’ব। এক সূত্ৰই জনোৱা অনুসৰি বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে পুনৰ এবাৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিব।

২০১৭ চনৰ জুলাই মাহত দ্বিতীয়বাৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ পাছত ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় দলে ২১ খন টেষ্ট মেচ খেলিছিল আৰু ইয়াৰ ভিতৰত ১৩ খনত জয়লাভ কৰে।

আনহাতে, ভাৰতীয় দলটোৱে ৩৬ খন টি-২০ খেলৰ ভিতৰত ২৫ খনত জয়লাভ আৰু ৬০ খন এদিনীয়া খেলৰ ভিতৰত ২৫ খনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

লক্ষ্যণীয় কথাটো হ’ল ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় দলৰ প্ৰদৰ্শন সন্তোষজনকে যদিও ২০১৯ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ফেভাৰিট হিচাপে অৱতীৰ্ণ হৈয়ো ছেমিফাইনেলৰ পৰা বিদায় লবলগীয়া হৈছিল।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd