• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বঞ্চিত ইমানুৱেল মোছাহাৰীয়ে নিৰ্দলীয় হিচাবে দাখিল কৰিব মনোনয়ন

মই যি কৰিছো বিজেপিৰ ভালৰ বাবেই কৰিছো- ইমানুৱেল মোছাহাৰী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
October 7, 2021 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফ দলত মোক্ষম আঘাত হানি ৰাষ্ট্ৰীয় ৰাজনীতিত জড়িত হৈ কাম কৰাৰ বাবে বিজেপি দলত যোগদান কৰা তামুলপুৰৰ দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যদিও বিজেপি দলে সমষ্টিটোত নিজাবীয়াকৈ প্ৰাৰ্থিত্ব নিদি মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএল দলক সমষ্টিটো এৰি দিয়াত ক্ষোভিত হৈ পৰে জ্যেষ্ঠ ৰাজনীতিক, বিজেপিৰ কাৰ্যনির্বাহক সদস্য ইমানুৱেল মোছাহাৰী।

বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে।

Apply Now

তামুলপুৰ মহকুমা সদৰৰ নিজ বাসভৱনত ইমানুৱেল মোছাহাৰীৰ সমৰ্থক সকলে আয়োজন কৰা এখন সভাত উপস্থিত থাকি ইমানুৱেল মোছাহাৰীয়ে এইবাৰৰ উপ নিৰ্বাচনত ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিত নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ৰাজহুৱা ভাবে ঘোষণা কৰে।

 ইমানুৱেল মোছাহাৰীয়ে কয়- মোৰ বিজেপিৰ প্ৰতি কোনো বেয়া ভাৱ বা আক্ষেপ নাই। মই যি কৰিছো সেয়া বিজেপিৰ হৈ কৰি আছো। মই প্ৰমোদ বড়োৰ আদৰ্শত আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা নাই। মই নৰেন্দ্ৰ মোডী, শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ উদ্যম, কৰ্মস্পৃহা আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছোঁ।

মই বিপিএফ ত্যাগ কৰি ২০২০ চনত পঞ্চাশ হাজাৰ সমৰ্থকক লগত লৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিলোঁ আৰু দলৰ হৈ নিষ্ঠা সহকাৰে আজিও কাম কৰি আছো। দলে মিত্ৰজোঁটক তামুলপুৰ সমষ্টিটো এৰি দিছে যদিও তামুলপুৰৰ বিজেপি সমৰ্থক সকল ইউপিপিএলৰ প্ৰতীক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ বাধ্য নহয়।

বিটিচিত বিজেপিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ একমাত্ৰ মই নেতৃত্ব দিছিলো আৰু এতিয়াও মই দলৰ মংগলৰ বাবেই কাম কৰি আছা। মোছাহাৰীয়ে পুনৰ কয়- তামুলপুৰ সমষ্টিটো বিজেপিৰ বাবে এটা শক্তিশালী সমষ্টি হোৱাৰ পিছতো বিজেপি দলে প্ৰাৰ্থিত্ব নিদিয়াটো দলটোৰ বাবে অতি দুৰ্ভাগ্যজনক।

এই কথা তামুলপুৰৰ বিজেপি নেতা-কৰ্মী সকলে মানি লব পৰা নাই। এনেদৰে যদি বিজেপি দলে নিৰ্বাচনৰ পৰা আঁতৰি থাকে তেন্তে ভৱিষ্যতে বিটিচিত বিজেপিৰ শ্মশান যাত্ৰাহে হব। আনহাতে বিটিচি প্ৰধান প্ৰমোদ বড়োক সমালোচনা কৰি মোছাহাৰীয়ে কয়- ইউপিপিএল দলে ৰাজধৰ্ম পালন কৰা নাই।

ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে বিগত ৮ টা মাহত বিভিন্ন চৰকাৰী আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ কৰ্মীৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল। প্ৰমোদ বড়োৱে যত গলেও বিপিএফ দলৰ ১৭ বছৰৰ অপশাসনৰ কথা কয়।

১৭ বছৰৰ কথা কৈ ৰত্নাকৰৰ পৰা বাল্মিকী হব খোজা প্ৰমোদ বড়োয়ে বিগত ৮ টা মাহত কি কাম কৰিলে তাৰ হিচাব দিয়ক বুলিও মন্তব্য কৰে ইমানুৱেল মোছাহাৰীয়ে। তেওঁ পুনৰ কয়- বিপএফ দলে কাম কৰিব নোৱাৰাৰ বাবেই আমি বিপিএফ এৰি বিজেপিলৈ আহিলো, যাৰ ফলত প্ৰমোদ বড়ো বিটিচিৰ চীফ হবলৈ সক্ষম হল।

এতিয়া আমি ইউপিপিএলক ভোট দিয়াৰ কোনো যুক্তিযুক্ততা নাই। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মোছাহাৰীয়ে কয়- মই যদি কোনো ফেক্টৰেই নহয় তেন্তে মোৰ বাবে প্ৰমোদ বড়ো ইমান চিন্তিত কিয়?

তেওঁ পুনৰ কয় যে এইবাৰ তামুলপুৰৰ নিৰ্বাচনী যুজঁ খন ইউপিপিএল বনাম অনা ইউপিপিএলৰ যুজঁ হব। বিজেপিৰ নেতা হৈও দলীয় নীতিৰ বিৰুদ্ধে গৈ মোছাহাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে দলে তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা লব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- মই আজিও বিজেপিৰ পতাকাৰ তলত আছোঁ। মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ’লে দলে যদি মোৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে দলৰ পতাকা বিলাক তেওঁলোকে লৈ যাব।

মই কিন্তু দলক সন্মান কৰোঁ আৰু দলৰ পতাকাক শ্ৰদ্ধা কৰোঁ। সেয়ে মই দলীয় পতাকা ছিঙি নাইবা পুৰি নেপেলাও। এইটো নিশ্চিত যে মই যি কৰিবলৈ গৈ আছো বিজেপিৰ ভালৰ বাবেই কৰিবলৈ গৈ আছো।

উল্লেখ্য যে ইমানুৱেল মোছাহাৰীৰ তামুলপুৰৰ বাগৃহত অনুষ্ঠিত সভাখন বিজেপিৰ পতাকাৰ তলতেই অনুষ্ঠিত হয়।
আজি অৰ্থাৎ ৭ অক্টোৱৰত ইমানুৱেল মোছাহাৰীয়ে বাক্সা জিলা সদৰ মুছলপুৰত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰিব।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd