• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত চিকিৎসালয় মুকলি কৰিবলৈ আহি ক্ষমা খুজিব লগা হ’ল ৰাজেন-পীযুষে

মিণ্টু দাস by মিণ্টু দাস
November 5, 2018 6:42 am
Rajen-Piyush.Photo

ৰাইজৰ ৰোষৰ সন্মুখীন হৈ ক্ষমা ভিক্ষা মন্ত্ৰীৰ। ফটো : নৰ্থইষ্ট নাও

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মৌজাৰ উজৰা গাঁ‌ৱত উজৰাগাঁও আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত চিকিৎসালয়খন উদ্বোধন কৰে যদিও এই উদ্বোধনী অনুষ্ঠানৰ  প্ৰাক মুহূৰ্তত চিকিৎসালয়খনৰ সন্মুখত স্থানীয় ৰাইজৰ অনাহুত পৰিস্থতিৰ সন্মুখীন হ’ব লগা হয়।

Apply Now

আনকি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে স্থানীয় ৰাইজক হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে অসম গণ পৰিষদ দলৰ প্ৰথমটো তথা ১৯৮৫ চনৰ শাসন কালতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উজৰাগাঁ‌ৱত এখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। উজৰাগাঁ‌ৱৰ ১৪ টা পৰিয়ালে দান কৰা মাটিৰ পৰিবৰ্তে  চিকিৎসালয়খনত একোটাকৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল তেতিয়াৰ চৰকাৰে।কিন্তু দুবাৰকৈ শাসনভাৰ লাভ কৰিও প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰখনে চিকিৎসালয়খন নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে।

Rajen-Piyush.Photo.jpg 2
আদৰ্শ চিকিৎসালয় উদ্বোধন কৰিবলৈ লৈ বিব্ৰত মন্ত্ৰী ৰাজেন গোহাই-পীযুষ হাজৰিকা। ফটো : নৰ্থইষ্ট নাও

বিগত কংগ্ৰেছ চৰকাৰৰ  শেষৰটো কাৰ্যকালত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ পিছত সেই চৰকাৰৰ কাৰ্যকালতে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে। কিন্তু পৰিতাপৰ বিষয় যে কংগ্ৰেছ চৰকাৰে চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰিব নোৱাৰিলে।

বিগত প্ৰায় ৪ বছৰ কাল নিৰ্মাণ সম্পূৰ্ণ হৈ পৰিত্যক্ত হৈ থকা চিকিৎসালয়খন দেওবাৰে মুকলি কৰিবলৈ আহি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই স্থানীয় এই ১৪ টা পৰিয়ালৰ প্ৰতিবাদৰ সন্মুখীন হয়। আনকি এই পৰিয়াল কেইটাই চিকিৎসালয়খনৰ সন্মুখত ”উজৰাগাঁও আদৰ্শ চিকিৎসালয়ৰ ভূমি দাতা পৰিয়ালৰ সদস্যক প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে চাকৰি নিদিয়াৰ প্ৰতিবাদত তলাবন্ধ কাৰ্যসূচী” শীৰ্ষক বেনাৰ আঁ‌ৰি প্ৰতিবাদ কৰে।

ইয়াৰ পিছত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে এই পৰিয়ালকেইটাৰ লগতে  স্থানীয় ৰাইজক হাতযোৰ কৰি ক্ষমা খুজি চিকিৎসালয়খন মুকলি কৰে। চিকিৎসালয়খন মুকলি কৰি ৰাজহুৱাভাৱে এই ১৪ টা পৰিয়ালক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি মাটিখিনিৰো উচিত মূল্য চৰকাৰৰ পৰা দিয়া হ’ব বুলি ঘোষণা কৰে।

আনহাতে, এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়,”ৰাইজৰ ক্ষোভ বুলি নাই, ক্ষোভ মানে ৰাইজে বেয়াকৈ কোৱা নাই।‘’ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে ভাষণ প্ৰসংগত সমগ্ৰ ঘটনা সম্পৰ্কত মত ব্যক্ত কৰি কয় যে আচলতে  চিকিৎসালয়খন যে মুকলি কৰিব পৰা হ’ব তাৰ কোনো ধাৰণাই কৰিব পৰা নাছিলো।

ইপিনে দেওবাৰেই নগাঁও সদৰ সমষ্টিত ২০ কোটি টকা ব্যয় সাপেক্ষে গড়কাপ্তানি বিভাগ (গ্ৰাম্য পথ সংমণ্ডল)ৰ দ্বাৰা  নিৰ্মাণ হ’বলগীয়া মুঠ ৩৬ টা পথৰ আধাৰশিলা একেদিনাই স্থাপন কৰে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই ৰাস্তাসমূহৰ কাম অহা তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি বিধায়ক শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd