NORTHEAST NOW (Assamese)

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 17, 2026 7:14 am

বানপানী, ভূমিকম্প বা ঘূৰ্ণী বতাহৰ দৰে দুৰ্যোগৰ সময়ত সাধাৰণ ৰাইজক সতৰ্ক কৰিবলৈ চৰকাৰে সমগ্ৰ দেশতে ম’বাইল ফোনত ইমাৰ্জেন্সি এলাৰ্ট বা চেল ব্ৰডকাষ্ট মেছেজ পঠিয়াইছিল। আগতে কোৱা হৈছিল যে এই ব্যৱস্থা ভৱিষ্যতলৈ নিয়মীয়াকৈ চলি থাকিব। কিন্তু হঠাতে ম’বাইল ফোনলৈ অহা এই জৰুৰীকালীন মেছেজ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যোৱা শনিবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ বা চমুকৈ এন ডি এমএৰ তৰফৰ পৰা এই বিশেষ সেৱা বন্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।

শনিবাৰে এখন জাননী জাৰি কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনায় যে ইমান দিনে দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী হিচাপে সকলোৰে স্মাৰ্টফোনত ইমাৰ্জেন্সি এলাৰ্ট মেছেজ পঠিওৱা হৈছিল। কিন্তু এতিয়াৰে পৰা এই মেছেজ আৰু মানুহৰ ফোনলৈ নাহে। সাময়িকভাৱে এক সতৰ্কতামূলক পদক্ষেপ হিচাপে এই সেৱা বন্ধ ৰখা হৈছে। পৰৱৰ্তী নিৰ্দেশ নহালৈকে চৰকাৰৰ তৰফৰ পৰা এই সেৱা পুনৰ আৰম্ভ কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে।

সাধাৰণ ৰাইজক দুৰ্যোগ বা কোনো ডাঙৰ বিপদৰ আগতীয়াকৈ সতৰ্ক কৰাৰ উদ্দেশ্যেই এই জৰুৰী বাৰ্তা সকলোৰে ফোনলৈ পঠিওৱা হৈছিল। চেল ব্ৰডকাষ্ট ব্যৱস্থাৰ জৰিয়তে হঠাতে ফোনত জোৰেৰে এলাৰ্ট বাজি উঠিছিল আৰু লগে লগে ব্যৱহাৰকাৰীসকল সতৰ্ক হৈ গৈছিল। কিছুদিন আগতে উত্তৰ ভাৰতত প্ৰৱল বিজুলী-ঢেৰেকণি, শিলাবৃষ্টি আৰু ধুমুহাৰ আগতীয়া সতৰ্কবাণীও এই ব্যৱস্থাৰ জৰিয়তেই পঠিওৱা হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই মেছেজ পাবলৈ ফোনত কোনো ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন নাছিল। দুৰ্বল নেটৱৰ্ক থকা ঠাইতো এই মেছেজ সহজে গৈ পাইছিল আৰু আনকি ফোনত ছিম কাৰ্ড নাথাকিলেও এই আগতীয়া সতৰ্কবাণী ফোনলৈ গৈছিল। ইয়াৰ ফলত মানুহে আগৰ পৰাই সাৱধান হ’ব পাৰিছিল, কিন্তু এতিয়া সেই সেৱা বন্ধ কৰি দিয়া হৈছে।

Related News