• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 8:50 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহায়ত ভাৰতত এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু দিল্লী আৰক্ষীৰ তৎপৰতাত এই পৰিকল্পনা বিফল হয় আৰু ৭ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাখনো ঠাইত ধাৰাবাহিক বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল এই সন্ত্ৰাসবাদীসকলে। কেৱল সেয়াই নহয়, গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ সৈতে পাকিস্তানী গেংষ্টাৰ শ্বাহজাদ ভাট্টি আৰু তেওঁৰ সংগী আজমল গুৰ্জৰৰো সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে। এই সমগ্ৰ ঘটনাটোক লৈ ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই চক্ৰটোৱে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত সন্ত্ৰাসবাদী আক্ৰমণ, অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ লগতে দেশৰ চোৰাংচোৱা সংস্থাসমূহৰ গোপন তথ্য চুৰি কৰাৰ দৰে কাম কৰিছিল। প্ৰাথমিকভাৱে জানিব পৰা মতে, তেওঁলোকৰ তত্ত্বাৱধানতে পাকিস্তানৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু হেৰোইনৰ দৰে ড্ৰাগছ পঞ্জাবলৈ সৰবৰাহ কৰা হৈছিল। তাৰ পিছত সেইবোৰ দিল্লী আৰু দেশৰ আন আন প্ৰান্তলৈ বিয়পাই দিয়া হৈছিল। শেহতীয়াকৈ চোৰাংচোৱাই গোপন সূত্ৰৰ পৰা এই চক্ৰটোৰ বিষয়ে জানিব পাৰে আৰু তাৰ পিছতেই তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ হয়। অৱশেষত দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ ইষ্টাৰ্ণ ৰেঞ্জৰ জালত পৰে এই ৭ জন সন্ত্ৰাসবাদী। তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ ৰাজধানীজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। ধৃত লোককেইজনৰ ম’বাইল আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ স্পৰ্শকাতৰ স্থানৰ ফটো আৰু তথ্য উদ্ধাৰ কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে দিল্লীৰ পৰা শ্বাহজাদ ভাট্টি মডিউলৰ ৯ টা সন্ত্ৰাসবাদীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৰাজধানীৰ কেইবাখনো ঠাইত আই ই ডি বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে। চোৰাংচোৱা সংস্থাসমূহে সতৰ্ক কৰি দিছিল যে আই ই ডি আক্ৰমণৰ লগতে গাড়ীত বিস্ফোৰণ, আত্মঘাতী আক্ৰমণ বা গুলীচালনা কৰি সাধাৰণ মানুহক হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল সন্ত্ৰাসবাদীয়ে। সেই ঘটনাৰ এমাহ নৌহওঁতেই দিল্লীত পুনৰ সন্ত্ৰাসবাদীৰ এনে কাৰ্যকলাপ পোহৰলৈ অহাত সমগ্ৰ পৰিস্থিতিক লৈ যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd