অসমীয়া চলচ্চিত্ৰ জগত তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক দু খবৰ। অসমীয়া চলচ্চিত্ৰ আৰু অপেচাদাৰী নাট্য আন্দোলনৰ অগ্ৰণী শিল্পী গুণ মহন্ত ই আজি ৭২ বছৰ বয়সত পুৱা ৭.৩০ বজাত ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁও জিলাৰ লগতে ৰাজ্যখনতে এক শোকৰ ছাঁ বিৰাজ কৰিছে।
নগাঁও চহৰৰ মাজমজিয়া ফৌজদাৰীপট্টিৰ নিৱাসী তথা চিৰকুমাৰ ব্ৰত পালন কৰা গুণ মহন্তই আজি হৃদ ৰোগত আক্ৰান্ত হোৱাত জিলাখনৰে এখন ব্যক্তিগত নাৰ্চিং হোমলৈ নিয়াৰ পথত মৃত্যুক আঁকোৱালি লয়। আনহাতে, গুণ মহন্তই প্ৰায় ৫ বছৰ ধৰি স্নায়ু ৰোগতো আক্ৰান্ত হৈ আছিল।
নগাঁও চহৰৰ নিকটৱৰ্তী শেনচোৱাৰ কলাকতা সত্ৰৰ চিদানন্দ মহন্ত আৰু গন্ধপ্ৰিয়া মহন্তৰ ৫ পুত্ৰ আৰু দুগৰাকী কন্যাৰ চতুৰ্থজন সন্তান হিচাপে ১৯৪৬ চনত জন্মগ্ৰহণ কৰা গুণ মহন্তই প্ৰাথমিক শিক্ষা শেনচোৱা বালিকা প্ৰাথমিক বিদ্যালয়ত কৰাৰ পিছত হাইস্কুলীয়া শিক্ষা কুঁজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰে নগাঁও মহাবিদ্যালয়ত।
কিশোৰ, যৌৱন শেনচোৱা আৰু জাজৰি অঞ্চলত কটোৱা গুণ মহন্তই অভিনয় শিক্ষা এই দুই সাংস্কৃতিক অঞ্চলতে গ্ৰহণ কৰাৰ পিছত শেনচোৱাৰ পৰা নগাঁও চহৰৰ ফৌজদাৰীপট্টিলৈ পৰিয়ালটো উঠি আহে। তাতেই নগাঁৱৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ পৰে গুণ মহন্ত ।
ইয়াৰ উপৰি নগাঁৱৰ সাংস্কৃতিত ক্ষেত্ৰত জড়িত হৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয় অংশগ্ৰহণেৰে নাট্য আৰু চলচ্চিত্ৰ জগতত অভিনয় কৰি যথেষ্ট সুনাম অৰ্জন কৰিছিল। প্ৰায় ৩০ খনৰো অধিক চলচ্চিত্ৰ আৰু ৫০ খনৰো অধিক ধাৰাবাহিক আৰু বিভিন্ন নাটকত অভিনয় কৰিছিল বিশিষ্ট অভিনেতাগৰাকীয়ে।
তেওঁ অভিনয় কৰা ছবিসমূহ আছিল- অগ্নিগড়, ৰণাংগিনী, শেষ উপহাৰ, প্ৰেম আৰু প্ৰেম, মৰম নদী, গাভৰু ঘাট, এই মৰম তোমাৰ বাবে, মন, মাঘত মামনীৰ বিয়া, মিঠা মিঠা লগণ, বন্ধন, মনে মনে অজানিতে, হেঁপাহ, সৰু বোৱাৰী, জেতুকা পাতৰ দৰে, কাঞ্চন, তোমাৰ প্ৰেমত পৰি, টি আৰ পি দ্য লাষ্ট ৰেট, চোৰেন চোৰৰ পুতেক, কাদম্বৰী, ৰং, অনুৰাগ আদি।
অসমীয়া চলচ্চিত্ৰ জগতৰ লগত বহু বছৰ জড়িত হৈ থকা গুণ মহন্তই শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা বঁটা, সাৰদা সংগীত কানন বঁটা, ইন্দ্ৰ বণিয়া সোঁৱৰণী বঁটা, অসমীয়া সাহিত্য সন্মিলনীৰ অভিনয় শিল্পীৰ বঁটাকে আদি কৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱৰ জিলা প্ৰশাসন, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম গণ পৰিষদ, বটদ্ৰবা থান পৰিচালনা সমিতি, নগাঁও কলেজ, নগাঁও প্ৰেছ ক্লাৱ, আজু, কল্লোল, গান্ধাৰ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায়।
আনহাতে, তেখেতৰ মৃতদেহ নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নিয়াৰ পিছত নিজৰ জন্মস্থান শেনচোৱাত শেষকৃত্য সম্পন্ন কৰা হয়।