• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা গুণ মহন্তৰ দেহাৱসান

মিণ্টু দাস by মিণ্টু দাস
August 27, 2018 3:40 pm
Actor Guna Mahanta
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া চলচ্চিত্ৰ জগত তথা চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক দু খবৰ। অসমীয়া চলচ্চিত্ৰ আৰু অপেচাদাৰী নাট্য আন্দোলনৰ অগ্ৰণী শিল্পী গুণ মহন্ত ই আজি ৭২ বছৰ বয়সত পুৱা ৭.৩০ বজাত ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁও জিলাৰ লগতে ৰাজ্যখনতে এক শোকৰ ছাঁ‌ বিৰাজ কৰিছে।

নগাঁও চহৰৰ মাজমজিয়া ফৌজদাৰীপট্টিৰ নিৱাসী তথা চিৰকুমাৰ ব্ৰত পালন কৰা গুণ মহন্তই আজি হৃদ ৰোগত আক্ৰান্ত হোৱাত জিলাখনৰে এখন ব্যক্তিগত নাৰ্চিং হোমলৈ নিয়াৰ পথত মৃত্যুক আঁ‌কোৱালি লয়। আনহাতে, গুণ মহন্তই প্ৰায় ৫ বছৰ ধৰি স্নায়ু ৰোগতো আক্ৰান্ত হৈ আছিল।

Apply Now

নগাঁও চহৰৰ নিকটৱৰ্তী শেনচোৱাৰ কলাকতা সত্ৰৰ চিদানন্দ মহন্ত আৰু গন্ধপ্ৰিয়া মহন্তৰ ৫  পুত্ৰ আৰু দুগৰাকী কন্যাৰ চতুৰ্থজন সন্তান হিচাপে ১৯৪৬ চনত জন্মগ্ৰহণ কৰা গুণ মহন্তই প্ৰাথমিক শিক্ষা শেনচোৱা বালিকা প্ৰাথমিক বিদ্যালয়ত কৰাৰ পিছত হাইস্কুলীয়া শিক্ষা কুঁ‌জিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰে নগাঁও মহাবিদ্যালয়ত।

কিশোৰ, যৌৱন শেনচোৱা আৰু জাজৰি অঞ্চলত কটোৱা গুণ মহন্তই অভিনয় শিক্ষা এই দুই সাংস্কৃতিক অঞ্চলতে গ্ৰহণ কৰাৰ পিছত শেনচোৱাৰ পৰা নগাঁও চহৰৰ ফৌজদাৰীপট্টিলৈ পৰিয়ালটো উঠি আহে। তাতেই নগাঁৱৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ পৰে গুণ মহন্ত ।

ইয়াৰ উপৰি নগাঁৱৰ সাংস্কৃতিত ক্ষেত্ৰত জড়িত হৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয় অংশগ্ৰহণেৰে নাট্য আৰু চলচ্চিত্ৰ জগতত অভিনয় কৰি যথেষ্ট সুনাম অৰ্জন কৰিছিল। প্ৰায় ৩০ খনৰো অধিক চলচ্চিত্ৰ আৰু ৫০ খনৰো অধিক ধাৰাবাহিক আৰু বিভিন্ন নাটকত অভিনয় কৰিছিল বিশিষ্ট অভিনেতাগৰাকীয়ে।

তেওঁ অভিনয় কৰা ছবিসমূহ আছিল- অগ্নিগড়, ৰণাংগিনী, শেষ উপহাৰ, প্ৰেম আৰু প্ৰেম, মৰম নদী, গাভৰু ঘাট, এই মৰম তোমাৰ বাবে, মন, মাঘত মামনীৰ বিয়া, মিঠা মিঠা লগণ, বন্ধন, মনে মনে অজানিতে, হেঁপাহ, সৰু বোৱাৰী, জেতুকা পাতৰ দৰে, কাঞ্চন, তোমাৰ প্ৰেমত পৰি, টি আৰ পি দ্য লাষ্ট ৰেট, চোৰেন চোৰৰ পুতেক, কাদম্বৰী, ৰং, অনুৰাগ আদি।

অসমীয়া চলচ্চিত্ৰ জগতৰ লগত বহু বছৰ জড়িত হৈ থকা গুণ মহন্তই শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা বঁটা, সাৰদা সংগীত কানন বঁটা, ইন্দ্ৰ বণিয়া সোঁৱৰণী বঁটা, অসমীয়া সাহিত্য সন্মিলনীৰ অভিনয় শিল্পীৰ বঁটাকে আদি কৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱৰ জিলা প্ৰশাসন, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম গণ পৰিষদ, বটদ্ৰবা থান পৰিচালনা সমিতি, নগাঁও কলেজ, নগাঁও প্ৰেছ ক্লাৱ, আজু, কল্লোল, গান্ধাৰ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায়।

আনহাতে, তেখেতৰ মৃতদেহ নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নিয়াৰ পিছত নিজৰ জন্মস্থান শেনচোৱাত শেষকৃত্য সম্পন্ন কৰা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd