• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু ড০ নিৰু হাজৰিকাৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2021 7:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক তথা কলাগুৰু ড০ নিৰু হাজৰিকাৰ দেওবাৰে পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত কোভিডত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩বছৰ।

Apply Now

ড০ হাজৰিকা বিগত কেইমাহ ধৰি অসুস্থ হৈ আছিল। যোৱা ডিচেম্বৰ মাহত ষ্ট্ৰ’কত আক্ৰান্ত হৈ ডাউন টাউন হাস্পাতালত ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠিছিল যদিও চলিত জুলাই মাহত ঘৰতে পুনৰ পৰি গৈ কঁকালত আঘাত পাইছিল।

ডাউন টাউন হাস্পাতালত সুকলমে অস্ত্ৰোপচাৰ হোৱাৰ পাছত হাস্পাতালৰ পৰা আহি ঘৰত আৰোগ্যমুখী হোৱাৰ সময়তে পুনৰ কোভিডত আক্ৰান্ত হয় ড০ হাজৰিকা।

যোৱা ২১ জুলাইত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি হোৱা ড০ নিৰু হাজৰিকাই অৱশেষত দেওবাৰে অজস্ৰ গুণমুগ্ধক শোকস্তব্ধ কৰি ইহলীলা সম্বৰণ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু তথা নতুন দিল্লীৰ ICSSRৰ প্ৰাক্তন সদস্য নিৰু হাজৰিকাই প্ৰায় তিনি দশক কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়ায়।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তে শিক্ষকতা আৰম্ভ কৰি এই বিশ্ববিদ্যালয়খনৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ এই বিশ্ববিদ্যালয়খনৰে ছাত্ৰীও আছিল।

ড০ নিৰু হাজৰিকা  D.Litt ডিগ্ৰী লাভ কৰা  উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ তত্ত্বাৱধানত বিভিন্ন বৃত্তিত জড়িত হৈ থকা ৭০গৰাকীতকৈয়ো অধিক ছাত্ৰই পিএইচডি ডিগ্ৰী লাভ কৰিছে।

ড০ হাজৰিকা উত্তৰ পূব ভাৰতৰ ৰাজহুৱা প্ৰশাসন, চৰকাৰ আৰু ৰাজনীতি তথা মান অধিকাৰ বিষয়ৰ বিশেষজ্ঞ হিচাপে পৰিচিত আছিল। তেওঁ কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা তথা সহ প্ৰণেতা আছিল।

তেওঁৰ উল্লেখযোগ্য কৰ্মৰ ভিতৰত আছে, ‘পাব্লিক চাৰ্ভিছ কমিছন ইন ইণ্ডিয়া’, এথনিক অট’নমি ইন নৰ্থইষ্ট ইণ্ডিয়া: এ ছাৰ্চ ফৰ এন এঞ্চাৰ, ইনছাৰজেন্সি এণ্ড বিয়ণ্ড’, ‘এ চেঞ্চুৰি অফ চিভিল চাৰ্ভিছ ইন নৰ্থইষ্ট ইণ্ডিয়া’ ইত্যাদি।

ড০ হাজৰিকাই আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, হলেণ্ড, স্পেইন আদি বিভিন্ন দেশত কেইবাখনো শৈক্ষিক আন্ত:ৰাষ্ট্ৰীয় সন্মিলনতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ বিভিন্ন গৱেষণামূলক প্ৰৱন্ধ ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে।

ড০ নিৰু হাজৰিকাৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী বৰ্তমান দেশৰ বিভিন্ন সেৱাত জড়িত হৈ আছে। তদুপৰি, অসমৰ ৰাজনীতি তথা সামাজিক নেতৃত্ব বহন কৰা বহু ব্যক্তিয়ে ড০ হাজৰিকাৰ অধীনত অধ্যয়ন কৰাৰ লগতে গৱেষণাও কৰিছিল।

অসমৰ ৰাজনীতিৰ জগতখনৰ সৈতেও ড০ নিৰু হাজৰিকাৰ যথেষ্ট সম্পৰ্ক আছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক পৰিক্ৰমাৰ সৈতে বিশেষভাৱে পৰিচিত আছিল হাজৰিকা।

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত ড০ নিৰু হাজৰিকাই কেবিনেট মৰ্যাদাৰে ৰাজনৈতিক উপদেষ্টা পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

বিশিষ্ট শিক্ষাবিদ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন গৱেষক পণ্ডিত গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধ তথা ছাত্ৰ-ছাত্ৰী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd