NORTHEAST NOW (Assamese)

প্ৰসিদ্ধ গীতিকাৰ গীতা হাতীকাকতিৰ মৃত্যু

November 24, 2020 9:05 pm · এন ই নাও নিউজ

আকাশবাণী গুৱাহাটীৰ গীতিমালিকা অনুষ্ঠানকে ধৰি অন্যান্য অনুষ্ঠানত পৰিৱেশিত বহু কালজয়ী গীতৰ স্ৰষ্টা প্ৰসিদ্ধ গীতিকাৰ গীতা হাতীকাকতি আৰু নাই।

আজি সন্ধিয়া ৬.৪৬ বজাত প্ৰসিদ্ধ গীতিকাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ।দীৰ্ঘদিন ধৰি গীতিকাৰ হাতীকাকতি শাৰীৰিক অসুস্থতাত ভুগি আছিল।

২০১৬ চনত অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত গীতা হাতীকাকতিৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ শিল্পী সমাজ।

কেইবা দশক জুৰি নিজৰ চিৰ সেউজ সৃষ্টিৰে  অসমীয়া সংগীতৰ জগত খনক টনকিয়াল কৰি থৈ যোৱা গীতা হাতীকাকতিৰ মৃত্যুত বহু জনে শোক প্ৰকাশ কৰিছে।

Related News