মাজুলীৰ অপূৰ্ব সুন্দৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক পৰিৱেশক সমল কৰি নিৰ্মাণ হোৱা এটি গীত “মাজুলীলৈ যাওঁ” দৃশ্য-শ্ৰাৱ্য ৰূপত আজি গুৱাহাটী প্ৰেছ ক্লাৱত শুভ মুক্তি দিয়া হয়।
দিপাংক শইকীয়াৰ ভিডি’অ পৰিচালনা কৰা দৃশ্য-শ্ৰাৱ্য গীতটি আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট সংগীত সংগীত-কণ্ঠশিল্পী শিল্পী তৰালি শৰ্মাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন প্ৰশাসনিক বিষয়া ডিম্বনাথ মৰাঙৰ লগতে ভালেকেইগৰাকী বিশিষ্ট লোক।
ইতিমধ্যে “তৰা অ’ তৰা”, “সোণাৰু হালধীয়া হাঁহি” আদি কৰি বহু কেইটা জনপ্ৰিয় গীতেৰে নিজৰ পৰিচয় দাঙি ধৰা চি.এছ.শিৱাই উক্ত গীতটি কথা আৰু সুৰেৰে সজোৱাৰ লগতে কণ্ঠদান কৰিছে।
উজ্বল আৰঙৰ সংগীত সমৃদ্ধ শীৰ্ষক গীতটি শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ৷ মাজুলীৰ বিভিন্ন সত্ৰ তথা মনোমোহা লোকেচনত বিতুল দাসে চিত্ৰগ্ৰহণ কৰা ভিডিঅ’টি সম্পাদনা সম্পন্ন কৰিছে মানস কাশ্যপে।
কোভিড নিৰ্দেশনা পলন কৰি গুৱাহাটী প্ৰেছ ক্লাৱত অন্তুষ্টুপীয়াকৈ আয়োজন কৰা মুকলি অনুষ্ঠানটিৰ পাছত বিয়লি ৪ বজাত গীতটি “ধ্বনি ৰেকৰ্ডছ”ৰ ইউটিউব প্লেটফৰ্মৰ জৰিয়তে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়।
গীতটিক লৈ ইতিমধ্যে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড: পীতাম্বৰ দেৱগোস্বামীয়ে ৰাইজলৈ বুলি আহ্বান জনাইছে।
গীতটি মুখ্য সহকাৰী পৰিচালক নয়নজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিৰ শেষত চি এছ শিৱাই মাজুলী প্ৰীতি, ইয়াৰ ঐতিহ্যশালী সম্পদৰ সংৰক্ষণ তথা আধ্যাত্মিকতাক স্মৰণ কৰি বক্তব্য আগবঢ়োৱাৰ লগতে পৰিচালক দিপাংক শইকীয়াই দৃশ্যগ্ৰহণ কালত পোৱা অভিজ্ঞতাৰে মাজুলীবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
ইয়াৰ লগতে সামাজিক মাধ্যমত “মাজুলীলৈ_যাওঁ” পেজত আয়োজন কৰা “মাজুলী: আপোনাৰ অনুভৱ” শীৰ্ষক মাজুলী বিষয়ক অনুভৱী লেখা প্ৰতিযোগিতাৰ ফলাফলো ঘোষণা কৰা হয়।
এই প্ৰতিযোগিতাত নগাঁৱৰ দিন্তি বৰাই প্ৰথম, যোৰহাটৰ দৰ্শনা বৰঠাকুৰে দ্বিতীয় তথা শিৱসাগৰৰ অস্মিতা দৰথী চেতিয়াই তৃতীয় স্থান লাভ কৰি দুদিনীয়া মাজুলী ভ্ৰমণৰ সুবিধা পুৰস্কাৰ হিচাপে লাভ কৰে।
ইয়াৰোপৰি বিচাৰকৰ বিশেষ বঁটাৰ বিবেচিত কৰা হয় ৰক্তিম জে শইকীয়া, বি পি বিপিন বাছা, জুৰি সন্দিকৈক।