নিৰ্বাচন আয়োগে যোৱা ১৮ নৱেম্বৰত প্ৰকাশ কৰা ফটো সম্বলিত ভোটাৰ তালিকাত যিসকল ভোটাৰৰ নাম বা আন তথ্যত বিসংগতি আছে তেওঁলোকে ১৫ ডিচেন্বৰ বা তাৰ আগতে সেই ভুল সংশোধনৰ বাবে আবেদন কৰিব পাৰিব।
ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই এই কথা প্ৰকাশ কৰিছে।
ৰাজ্যিক নিৰ্বাচন বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে ২০২১ চনৰ ১৫ জানুৱাৰীত ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।
তেওঁ লগতে কয় যে যিসকল নতুন ভোটাৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিব বিচাৰে, যিসকলে সমষ্টি সলনিৰ বাবে আন সমষ্টিৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব বিচাৰে অথবা যিসকলৰ নাম আদি প্ৰকাশিত ভোটাৰ তালিকাত ভুলকৈ প্ৰকাশ পাইছে তেওঁলোকেও অনলাইন অথবা অফ লাইন পদ্ধতিত আবেদন কৰিব পাৰিব।
আবেদনৰ পিছত যাৱতীয় প্ৰ-পত্ৰ স্থানীয় বিএলঅ’ অথবা ভোটাৰ পঞ্জীয়ন বিষয়াৰ ওচৰত জমা দিব লাগিব।
এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে২,২৪,৩৯,৫২২ গৰাকী।
ইয়াৰে ১,১৪,২৫,৭৪৮ গৰাকী পুৰুষ ভোটাৰ আৰু ১,১০,১৩,৭৭৪ গৰাকী মহিলা ভোটাৰ।
চলিত বৰ্ষত ৰাজ্যত ৬২ টা নতুন ভোটকেন্দ্ৰ বৃদ্ধি পাইছে।
সম্প্ৰতি ৰাজ্যত ২৮,২০৫ টা ভোট কেন্দ্ৰ আছে।