বৰ্তমানৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ২৭.৮৫% ভোট লাভ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডত আগবাঢ়ি আছে মেক্ৰ’ন।
সংবাদ সংস্থা এ এফ পি- ৰ প্ৰতিবেদন অনুসৰি মেক্ৰ’নৰ প্ৰতিদ্বন্দী মেৰিন লে পেনে ২৩.১৫% ভোট লাভ কৰি এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে।
ৰাষ্ট্ৰপতি পদৰ দৌৰত আগবাঢ়ি থকা মেক্ৰ’নে তেওঁৰ সমৰ্থকসকলক তেওঁৰ প্ৰতিদ্বন্দী তলেথা সোঁপন্থী নেতা পেনৰ সৈতে তেওঁৰ এক কঠিন যুঁজ হ’ব বুলি সতৰ্ক কৰি দিছে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশখনত দেওবাৰে ভোটগ্ৰহণ আৰম্ভ হৈছিল। ফ্ৰান্সৰ ৪৮ নিযুত ভোটাৰে ১২ জন প্ৰাৰ্থীৰ পৰা ৰাষ্ট্ৰপতি পদৰ যোগ্য ব্যক্তিজনক বাছনি কৰিব।
যদি প্ৰথম ৰাউণ্ডত কোনো এজন প্ৰাৰ্থীয়ে দেশজুৰি আধাতকৈ অধিক ভোট লাভ নকৰে, তেতিয়া ২৪ এপ্ৰিলত শীৰ্ষ দুজন প্ৰাৰ্থীৰ মাজত দ্বিতীয় আৰু নিৰ্ণায়ক ৰাউণ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে সম্প্ৰতি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আন্তৰ্জাতিক গুৰুত্ব বৃদ্ধি পাইছে। ফ্ৰান্স হৈছে ২৭ জনীয়া ইউৰোপীয়ান ইউনিয়নৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ ৰাষ্ট্ৰ।
তদুপৰি ইউৰোপীয়ান ইউনিয়নৰ একমাত্ৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ ফ্ৰান্সৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতাও আছে। সম্প্ৰতি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ফ্ৰান্সে প্ৰচেষ্টা চলাই আহিছে।