• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী নিযুক্তিৰ প্ৰলোভন! হতাশাত হাজাৰ হাজাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কাম কৰা কৰ্মচাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2018 11:11 pm
phe employee protest
327
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি চাকৰি কৰি অহাৰ পিছতো প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কৰ্মৰত কৰ্মচাৰীসকলে আজি দিচপুৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্য্যকৰী অভিযন্তা আৰু জুনিয়ৰ ইঞ্জিনিয়াৰে মিলি গঠন কৰা এখন পৰিচালনা কমিটিয়ে বহু লোকক চাকৰি দিয়া হ’ব বুলি বিভাগৰ আঁচনিৰ কামত নিয়োগ কৰিছিল বুলি কৰ্মচাৰীসকলৰ সমন্বয় সমিতিৰ আহ্বায়ক বিকাশ দেই আজিৰ প্ৰতিবাদস্থলীত নৰ্থ ইষ্ট নাও’ৰ আগত সদৰী কৰে।

তেওঁ কয়, ‘জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলযোগান কেন্দ্ৰসমূহ স্থাপন কৰাৰ বাবে ভূমিৰ প্ৰয়োজন হোৱাত ১৯৯৪ চনতে আমাৰ কিছুসংখ্যক কৰ্মচাৰীয়ে ভূমি প্ৰদান কৰিছিল আৰু ইয়াৰ বিনিময়ত আমাক পানী যোগান আঁচনিৰ অধীনত চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দিছিল।‘

কিন্তু বহু কষ্টৰে আনকি বিভিন্ন সময়ত কৰ্মচাৰীসকলে নিশা বহু দেৰিলৈকে নতুবা ওৰে নিশা উজাগৰে থাকি কাম কৰাৰ পিছতো উক্ত কৰ্মচাৰীসকলে চাকৰি পোৱাটো দুৰৰে কথা প্ৰাপ্য মজুৰিও লাভ কৰা নায়।

‘২০১৩ চনতে চৰকাৰে মাহিলী হিচাপত মাহে ৫ হাজাৰ টকাৰ টকা দিবৰ বাবে নিৰ্দেশ দিছিল যদিও মাত্ৰ ৩ হাজাৰ টকাহে দিয়ে কমিটিখনে।‘

আনহাতে, চৰকাৰে উক্ত কমিটিখনক মাহে ৫ হাজাৰ টকাকৈ দিবলৈ নিৰ্দেশ দিছিল যদিও পৰিচালনা কমিটিয়ে সেই ধন যন্ত্ৰ-পাতি মেৰামতি কৰা বা চোৱা-চিতাৰ কামতহে ব্যৱহাৰ কৰে বুলি তেওঁ লগতে কয়।

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে কৰ্মচাৰীসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক তেওঁলোকৰ মাহিলী দৰমহা ১০,৫০০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে। ইয়াৰ উপৰি তেওঁলোকে উক্ত পৰিচালনা কমিটিৰ একাউন্টত মজুৰি দিয়া বন্ধ কৰিবৰ বাবে বিভাগক আহ্বান জনায়।

আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা বীৰেন ভট্টাচাৰ্য্যক এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ নৰ্থ-ইষ্ট নাওক কয়, ‘কৰ্মচাৰীসকলক পৰিচালনা কমিটিয়ে ৰখা মানুহ। চৰকাৰৰ সৈতে এইক্ষেত্ৰত কোনো সম্পৰ্ক নাই।’

২০১৪ চনত কৰ্মচাৰীসকলক এককালীন সাহায্য দিয়া হৈছিল বুলি উল্লেখ কৰে তেওঁ কয়, ‘এইবাৰো বিভাগত ৫ কোটি টকা এটা আছে। সেই ধন পৰিচালনা কমিটিখনক দিয়া হ’ব। সেই ধনৰ পৰা যদি কোনো কৰ্মচাৰীক মজুৰি দিয়ে, তেওঁলোকেহে দিব।’

তাৎপৰ্য্যপূৰ্ণভাৱে কৰ্মচাৰীসকলৰ নিযুক্তি সম্পৰ্কে সোধাত তেওঁ কয়, ‘তেওঁলোকক চৰকাৰীভাৱে নিযুক্তি দিয়া হ’ব নে নহয়, সেই কথা মন্ত্ৰীৰ সৈতে কথা পাতিলে আপুনি গম পাব।’

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd