DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত নিয়োগ পৰ্যালোচনা কমিটী, বুজ ললে খালী হৈ থকা বিভাগীয় পদৰ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
September 19, 2021 5:06 pm
147
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা কমিটীয়ে জিলাখনত বিভিন্ন বিভাগত খালী হৈ থকা পদৰ বুজ ল’বলৈ বঙাইগাঁৱত উপস্থিত হয় ৷

ইয়াৰ পিছতে জিলা উপায়ুক্তৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

কোকৰাঝাৰ (পূৱ) বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ নেতৃত্বত অহা নিয়োগ পৰ্যালোচনা কমিটীৰ দলটোত আন সদস্য হিচাপে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আছিল ৷

কমিটীখনৰ সদস্যসকলে জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়া তথা অসম বিধানসভাৰ আন উচ্চ পদস্থ বিষয়া আৰু জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস, অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ উপস্থিতিত বিভাগীয় বিষয়াৰ সৈতে সংশ্লিষ্ট বিভাগত খালী হৈ থকা চৰকাৰী মঞ্জুৰীপ্ৰাপ্ত পদৰ বিষয়ত বুজ লয়।

অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা কমিটীৰ অধ্যক্ষ লৰেন্স ইছলাৰীয়ে কয় যে চৰকাৰৰ নিৰ্দেশনামৰ্মে তেওঁলোকে জিলাসমূহত বিভিন্ন বিভাগত খালী থকা পদৰ বুজ লৈ চৰকাৰক প্ৰতিবেদন দাখিল কৰিব আৰু সেইমৰ্মে চৰকাৰে পৰ্যায়ক্ৰমে পদসমূহ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

তদুপৰি বিভাগসমূহত ৰোষ্টাৰ অনুযায়ী পদসমূহ পূৰণ কৰা হৈছে নে নাই, বহি: উৎসৰ পৰা কিমান লোকে কাম কৰি আছে সেয়াও নিৰীক্ষণ কৰিব কমিটীখনে।

উল্লেখ্য যে বঙাইগাঁৱত পৰ্যটন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজন। আনহাতে বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, এপিডিচিএল, দক্ষতা বিকাশ বিভাগ আদিত ভালে সংখ্যক পদ খালী হৈ আছে বুলি বিভাগীয় বিষয়াই নিয়োগ পৰ্যালোচনা কমিটীক জানিবলৈ দিয়ে  ৷

কমিটীখনৰ অধ্যক্ষ ইছলাৰীয়ে কয় যে জিলাখনত বিভাগসমূহত খালী হৈ থকা পদসমূহৰ বিষয়ে চৰকাৰক জনাব আৰু পদসমূহ পূৰণ কৰাৰ বাবে তেওঁলোকৰ কৰণীয়খিনি তেওঁলোকে কৰিব।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd