NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: সেনাৰ ঘেৰাওত আৱদ্ধ দুই সন্ত্ৰাসবাদী

November 16, 2023 7:22 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছে জম্মু-কাশ্মীৰত। উপত্যকাটোৰ কুলগামত দুয়োপক্ষৰ মাজত সৃষ্টি হৈছে এই সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ ঘেৰাওত ছামনু নেহামা অঞ্চলত দুজন সন্ত্ৰাসবাদী আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

ছামনু নেহামা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল বুলি সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।

অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক উদ্দেশ্যি গুলীচালনা কৰাৰ লগে লগে সেনায়ো প্ৰতি আক্ৰমণ চলায় আৰু দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা হয় বুলি বিষয়াগৰাকীয়ে লগতে কয়।

এই সংঘৰ্ষত এইপৰ্যন্ত দুয়োপক্ষৰ মাজত হতাহতিৰ কোনো খবৰ লাভ কৰা নাই বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে লগতে সংঘৰ্ষ সন্দৰ্ভত অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি উপত্যকাটোৰ অন্য অঞ্চলৰ লগতে কুলগামতো বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। বিগত অক্টোবৰ মাহত কুলগামত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হৈছিল।

Related News