নগাঁৱৰ এখন সভাত এই আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে চেলেং চাদৰ দলিওৱাৰ পিছতে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া জনাইছে আপ অসমে৷ আজি তেজপুৰত আপৰ শোণিতপুৰ লোকসভাৰ বিষয়ববীয়া সকলে এক অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰে৷
আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই এক সংবাদ মেল সম্বোধন ধৰি বদৰুদ্দিন আজমলে ধৰ্মীয় সংঘাত সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে বুলি অভিযোগ কৰে৷
শান্তিপ্ৰিয় মহান অসমীয়া জাতিৰ একতাৰ এনাজৰীডাল চিঙিবলৈ আজমলে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ কৰে আপ নেতাগৰাকীয়ে৷ তেওঁৰ দাবী, আজমলৰ অসমীয়া সংস্কৃতিৰ জ্ঞানৰ অভাৱ ঘটিছে৷
সেয়ে আজি আম আদমি পাৰ্টীয়ে তেখেতৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাবলৈ অসম বুৰঞ্জী আৰু অসমীয়া সংস্কৃতিৰ দুখনকৈ কিতাপ ডাক যোগে আজমলৰ দিল্লীৰ বাসগৃহলৈ প্ৰেৰণ কৰে৷ আপৰ মতে, সংবাদ শিৰোনাম দখল কৰিবলৈয়ে যে আজমলে এনে কুকাৰ্য কৰিছে সেইয়া সকলোৰে জ্ঞাত৷
আপ নেতাগৰাকীয়ে কয়, “যি সময়ত শিক্ষাব্যৱস্থাৰ সংস্কাৰ, উন্নত চিকিৎসা সেৱাৰ কথাত গুৰুত্ব দিব লাগিছিল, যি সময়ত অসমক অৰ্থনৈতিক ভাবে কুঙা কৰা ছিণ্ডিকেটৰ বিৰুদ্ধে সংগবদ্ধ হ’ব লাগিছিল সেই সময়ত আমি আজমলক লৈ ব্যতিব্যস্ত হৈ পৰিছো।”
অম্লানজ্যোতি হাতীবৰুৱাৰ দাবী, বিজেপি আৰু এই আই ইউ ডি এফ একেতা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ “স্বয়ং অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আজমল চাহাবে তেখেতৰ কথাতে কাম কৰে৷ গতিকে এই গণবিৰোধী দল দুটাই অসমত সাম্প্ৰদায়িক বিষবাষ্প বিলোৱাৰ কামত লাগি পৰিছে।”— তেওঁ লগতে কয়।
আজি এই কাৰ্যসূচীত আপৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী সভাপতি ধনেশ্বৰ দাস, সম্পাদক প্ৰণব নাথ, মহিলা শক্তিৰ সভানেত্ৰী সুনিতা দাস, সম্পাদিকা জ্যোতিস্মীতা কেওঁত, আপ যুৱশক্তিৰ ৰাজ্যিক উপসভাপতি প্ৰাণজিৎ কোঁচ আৰু ঢেকীয়াজুলি সমষ্টিৰ সভাপতি আৰু সম্পাদকে অংশগ্ৰহণ কৰে৷