NORTHEAST NOW (Assamese)

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm · এন ই নাও নিউজ, গুৱাহাটী

আন্তঃৰাষ্ট্ৰীয় ফুটবলক চিৰবিদায় জনালে ছাডিঅ’ মানেই। বিশ্বকাপত আশা জগাই তুলিও বিফল হ’ল ছেনেগাল। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ হাতত ৩-২ গ’লত হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল ‘লায়নছ অৱ তেৰাংগা’। সেই হতাশাতেই ৩৪ বছৰীয়া তাৰকাগৰাকীয়ে ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

এক বিবৃতিত অৱসৰৰ কথা ঘোষণা কৰে মানেই। আৱেগিক বাৰ্তাত তেওঁ কয় যে দেশৰ বাবে তেওঁ সকলো ত্যাগ কৰিছে আৰু নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিছে। মাতৃভূমিৰ বাবে প্ৰাণ দি যুঁজ দিয়া বুলিও তেওঁ উল্লেখ কৰে। সমৰ্থকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে কেৰিয়াৰত কেতিয়াবা তেওঁলোকক নিৰাশ কৰিছে যদি তেওঁক যেন ক্ষমা কৰি দিয়া হয়। ইয়াৰ মাজেৰেই তেওঁৰ ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ সামৰণি পৰে।

দেশৰ হৈ ১৩০ খন মেচত ৫৪ টা গ’ল কৰিছে মানেই। লগতে তেওঁৰ নামত আছে ২৯ টা এছিষ্ট। ২০২১ চনৰ আফ্ৰিকান কাপ অৱ নেচনছ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এই তাৰকাগৰাকীয়ে। দীৰ্ঘদিন ধৰি লিভাৰপুলৰ হৈ খেলাৰ উপৰিও ফৰাচী ক্লাব এফ চি মেটজৰ হৈয়ো তেওঁ নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছিল। ২০১২ চনত ছেনেগালৰ জাৰ্চিত তেওঁৰ অভিষেক ঘটিছিল।

ফুটবল খেলুৱৈ হিচাপে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণি মাৰিলেও ফুটবলৰ সৈতে সম্পৰ্ক শেষ কৰা নাই তেওঁ। নতুন ৰূপত উভতি আহিব বিচাৰে মানেই। তেওঁ কয় যে নিজৰ অভিজ্ঞতা তেওঁ দেশৰ সেৱাত ব্যৱহাৰ কৰিব বিচাৰে, যিটো তেওঁ অতি আনন্দৰে কৰিব। তেওঁক প্ৰশিক্ষক হিচাপে দেখা পোৱা যাব নেকি বুলি সোধাত তেওঁ কয় যে সেয়া কোনো কাৰিকৰী দলৰ অংশ হিচাপেও হ’ব পাৰে, বা প্ৰশিক্ষক হিচাপেও হ’ব পাৰে। আনকি ভৱিষ্যতে ফুটবল প্ৰশাসনৰ দায়িত্বতো তেওঁক দেখা পোৱাৰ সম্ভাৱনা আছে।

 

Related News