• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

পৰ্তুগালৰ বিৰুদ্ধে অন্তিম ১৬ৰ খেলখনতো মেৰিনোৱে পৰিৱৰ্ত হিচাপে নামি বিজয়ী গ’লটো দিছিল। এইবাৰ কোৱাৰ্টাৰ ফাইনেলতো তেওঁ একে কৃতিত্ব অৰ্জন কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 7:39 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰ্তুগালৰ বিৰুদ্ধে অন্তিম-১৬ৰ মেচত য’ত শেষ কৰিছিল, বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত তাৰ পৰাই যেন আৰম্ভণি কৰিলে মাইকেল মেৰিনোৱে। তেওঁ শেষ মুহূৰ্তত পৰিৱৰ্ত হিচাপে নামি গ’ল দি পূৰ্বৰ মেচখনত স্পেইনক কোৱাৰ্টাৰ ফাইনেললৈ লৈ আনিছিল। এইবাৰ একে নাটকৰ পুনৰাবৃত্তি কৰি বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰি ১৬ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেললৈ লৈ গ’ল লা ৰোজাৰ বাহিনীক।

শুকুৰবাৰে নিশা লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হৈ ফেবিয়ান ৰুইজ আৰু মাইকেল মেৰিনোৱে গ’ল দিয়ে। বেলজিয়ামৰ হৈ চাৰ্লছ ডি কেটেলাৰে একমাত্ৰ গ’লটো দিয়ে। ১৪ জুলাইত ছেমি ফাইনেলত লুইছ ডি লা ফুয়েণ্টেৰ দলটোৱে ফ্ৰান্সৰ বিৰুদ্ধে খেলিব।

Apply Now

খেলখনৰ আৰম্ভণিৰে পৰাই স্পেইনে নিয়ন্ত্ৰণ আৰু আক্রমণত আধিপত্য বিস্তাৰ কৰিছিল৷ লেমিন ইয়ামাল, ডানি অলমো, ফেৰাণ টৰেছে ইটোৰ পিছত সিটোকৈ আক্ৰমণ চলাইছিল যদিও থিবাউট ক’ৰ্টোৱাই বেলজিয়ামৰ গ’লপোষ্টৰ তলত দেৱালৰ দৰে থিয় হৈ আছিল।

অৱশেষত ৩০ মিনিটত স্পেইনে এটা গ’ল দিয়ে। পেড্ৰ’ প’ৰ’ই ইয়ামালৰ সৈতে এটা দুৰ্দান্ত ৱান টু খেলি বলটো ডানি অলমোক পাছ কৰে। ক’ৰ্টোৱাই প্ৰথমে অলমোৰ লো শ্বটটো ব্লক কৰে। কিন্তু ফেবিয়ান ৰুইজে ৰিটাৰ্ণ বলত সুযোগ নষ্ট নকৰিলে।

পাঁচ মিনিটৰ পাছত ক’ৰ্টোৱাই পুনৰ অসাধাৰণ দক্ষতাৰে ইয়ামালৰ দুৰন্ত ফ্ৰী কিকটো ব্লক কৰে।

স্পেইনৰ একেৰাহে আক্ৰমণৰ পিছতো বেলজিয়ামে এটা সুযোগৰ বাবে অপেক্ষা কৰি আছিল। ৪১ মিনিটত চাৰ্লছ ডি কেটেলাৰে সেই সুযোগ কামত লগায়।

কেভিন ডি ব্ৰুইনৰ নিখুঁত ক্ৰছৰ গোলৰ সন্মুখত হেড কৰি উনাই চাইমনক পৰাস্ত কৰে। প্ৰথমাৰ্ধ ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়।

দ্বিতীয়াৰ্ধতো স্পেইনে আক্ৰমণাত্মক চোক হ্ৰাস কৰা নাছিল। ৫৮ মিনিটত দীৰ্ঘ দূৰত্বৰ শ্বটত ক’ৰ্টোৱাই ইয়ামালক হতাশ কৰে। তাৰ পাছত ৬১ মিনিটত একক প্ৰচেষ্টাৰে আন এটা গ’লৰ সুযোগ সৃষ্টি কৰে যদিও বেলজিয়ামৰ গ’লৰক্ষকগৰাকীয়ে এটা ডাঙৰ ছেভ কৰে।

আনহাতে স্পেইনৰ গ’লৰক্ষক উনাই চাইমনে ডি ব্ৰুইনৰ শ্বটটো দৰ্শনীয়ভাৱে ব্লক কৰে। গ’লৰক্ষক দুগৰাকীৰ দুৰ্দান্ত প্ৰদৰ্শনত খেলখনৰ উত্তেজনা আৰু অধিক বৃদ্ধি পায়।

খেলখনৰ আটাইতকৈ আৱেগিক মুহূৰ্তটো আহিছিল ৭১ মিনিটত। আঘাতৰ বাবে খেলপথাৰ এৰিবলৈ বাধ্য হয় থিবাউট ক’ৰ্টোৱাই। তেওঁ চকুলো টুকি খেলপথাৰ এৰি গুচি গ’ল। তেওঁৰ ঠাইত চেনে লেমেন্সক নমোৱা হয়। কৰ্টোৱাই যোৱাৰ পিছতো স্পেইনে কিছু সময়ৰ বাবে বেলজিয়ামৰ ডিফেন্স ভাঙিব নোৱাৰিলে।

৮৪ মিনিটত ডানি অলমোৰ বিকল্প হিচাপে খেলপথাৰত নামে মাইকেল মেৰিনো। খেলপথাৰত নমাৰ মাত্ৰ ১১৫ ছেকেণ্ডৰ পিছতে তেওঁ মেচখনৰ ভাগ্য সলনি কৰি দিলে। ৮৮ মিনিটত লেমেন্সে প্ৰথমে পাউ কুবেৰ্চিৰ দীৰ্ঘ দূৰত্বৰ শ্বটটো ব্লক কৰিও বলটো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিবলৈ সক্ষম নহ’ল। মেৰিনোৱে সুযোগটো গ্ৰহণ কৰি গ’লৰক্ষকৰ মূৰৰ ওপৰেৰে বলটো নেটত সোমাই দিয়ে। এই গ’লেৰে স্পেইন ২-১ গ’লত অগ্ৰগতি লাভ কৰে।

পৰ্তুগালৰ বিৰুদ্ধে অন্তিম ১৬ৰ খেলখনতো মেৰিনোৱে পৰিৱৰ্ত হিচাপে নামি বিজয়ী গ’লটো দিছিল। এইবাৰ কোৱাৰ্টাৰ ফাইনেলতো তেওঁ একে কৃতিত্ব অৰ্জন কৰে।

ইয়াৰ ফলত স্পেনিছ মিডফিল্ডাৰগৰাকীয়ে বিশ্বকাপৰ নকআউট পৰ্যায়ত একেৰাহে দুখন মেচত ৮০ মিনিটৰ পাছত বিজয়ী গ’ল দিয়া প্ৰথমজন ফুটবলাৰ হিচাপে ইতিহাস ৰচনা কৰে। ইয়াৰ উপৰিও খেলপথাৰত নমাৰ ১১৫ ছেকেণ্ডৰ ভিতৰতে অহা এই গ’লটো বিশ্বকাপত স্পেনিছ বিকল্প খেলুৱৈৰ আটাইতকৈ দ্ৰুত গ’ল। এতিয়ালৈকে এই অভিলেখ ১৯৮২ চনত যুগোশ্লভিয়াৰ বিৰুদ্ধে এনৰিকে ছাউৰা (১৫৯ ছেকেণ্ড)ৰ হাতত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd