চমন অগ্ৰাহ্যত অসন্তুষ্ট! কেজৰিৱালৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল ইডি

Enforcement Directorate Arvind Kejriwal

সুৰা নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে কেইবাবাৰো চমন জাৰি কৰিছে।

কিন্তু ইডিৰ চমন অগ্ৰাহ্য কৰি সোধ-পোচৰ বাবে তদন্তকাৰী সংস্থাটোৰ সমুখত উপস্থিত হোৱাৰ পৰা বিৰত আছে কেজৰিৱাল।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই স্থিতিৰ বিপক্ষে অৱশেষত আদালতৰ কাষ চাপিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

সংস্থাটোৱে আজি দিল্লীৰ ৰাউছ এভিনিউ আদালতত কেজৰিৱালৰ বিপক্ষে এজাহাৰ দাখিল কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৪ ধাৰা আৰু ইডিয়ে জাৰি কৰা চমন মানি নচলাৰ বাবে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ ধাৰা ৫০ৰ অধীনত অভিযোগ দাখিল কৰিছে কেন্দ্ৰীয় সংস্থাটোৱে।

৭ ফেব্ৰুৱাৰীত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে।

এই পৰ্যন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অৰবিন্দ কেজৰিৱাললৈ পাঁচবাৰকৈ চমন জাৰি কৰি সুৰা নীতি কেলেংকাৰিৰ সন্দৰ্ভত জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

কিন্তু কেজৰিৱালে এনে চমনক তেওঁক গ্ৰেপ্তাৰ কৰাৰ ‘অবৈধ প্ৰচেষ্টা’ বুলি দাবী কৰি চমন অগ্ৰাহ্য কৰে।