• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালাত মিজোৰামৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক হত্যা; আঁৰৰ কাৰণ কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 11:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱনেশ্বৰৰ কলিংগা ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি ইউনিভাৰ্চিটিৰ এগৰাকী শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। তাৰ মাজতে এইবাৰ কেৰালাত মিজোৰামৰ এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ভি এল ভেলেণ্টাইন নামৰ ছাত্ৰজনক হত্যা কৰাৰ অভিযোগত একেখন মহাবিদ্যালয়ৰে আন এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ছাত্ৰজনৰ নাম লামছাং। আৰক্ষীৰ সূত্ৰ অনুসৰি ভেলেণ্টাইনৰ এই সহপাঠীজনৰ ঘৰো মিজোৰামত।

Apply Now

কিছুদিন পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈছিল ওড়িশাৰ কেআইআইটি। সেই শিক্ষানুষ্ঠানৰ হোষ্টেলৰ পৰা উদ্ধাৰ হয় প্ৰকৃতি লামছালৰ ওলমি থকা মৃতদেহ। ইয়াৰ পিছতে কলিংগা ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি ইউনিভাৰ্চিটি (কে আই আই টি)ত নেপালী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কাৰণ ২০ বছৰীয়া প্ৰকৃতি লামছালৰ ওলমি থকা মৃতদেহটো কেআইআইটিৰ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে। তাৰ পিছত সকলো নেপালী ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক বলপূৰ্বকভাৱে বহিষ্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে।

সেই ঘটনাৰ ঢৌ মাৰ যোৱাৰ আগতেই কেৰালাত মিজোৰামৰ এজন ২৩ বছৰীয়া ছাত্ৰক হত্যা কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি ভেলেণ্টাইন তিৰুৱনন্তপুৰমৰ নাগাৰুৰপ ৰাজধানী ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ। তেওঁৰ সহপাঠী লামছাঙে তেওঁক ঘপিয়াই হত্যা কৰাৰ অভিযোগ উঠে।

জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১০:৪৫ বজাত তাত থকা এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমীপত সংঘটিত হয় এই হত্যাকাণ্ড। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ছাত্ৰ-ছাত্ৰীৰ এটা দল বহি সুৰাপান কৰি আছিল। তেতিয়াই সিহঁতৰ মাজত কাজিয়া আৰম্ভ হ’ল। সেই সময়ত একাংশ ছাত্ৰই ভেলেণ্টাইনক আঘাত কৰিবলৈ ধৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তেওঁক কেআইএমছ হাস্পতাললৈ লৈ যোৱা হয়। দেওবাৰে তাতেই তেওঁৰ মৃত্যু হয়।

এই ঘটনাত আৰক্ষীয়ে লামছাঙক জিম্মাত লৈছে। জনা যায় যে পূৰ্বে ভেলেণ্টাইনৰ লগত লামছাঙৰ কাজিয়া হৈছিল।

উল্লেখ্য যে কেৰালাৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। এই সংঘৰ্ষৰ ফলত একাধিক শিক্ষাৰ্থীৰ মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd