NORTHEAST NOW (Assamese)

কাজিৰঙাৰ স্মৃতি সামৰি ইংলেণ্ডলৈ উভতিল প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰচেন

March 12, 2020 10:29 am · উত্তম শইকীয়া

অসমৰ জনসাধাৰণৰ গঁড়ৰ সংৰক্ষণৰ প্ৰতি থকা আন্তৰিকতাক প্ৰশংসা কৰে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰচেনে। গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আফ্ৰিকাই কাজিৰঙাৰ পৰা শিকিব লগীয়া আছে বুলি টুইট কৰে একালৰ শীৰ্ষ বেটছমেন গৰাকীয়ে।

https://twitter.com/KP24/status/1236325509996457985

উল্লেখযোগ্য যে ‘চেভ দ্যা ৰাইনো’ শীৰ্ষক নিজৰ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত যোৱা ৪ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পিটাৰচেনে বাহৰ পাতি আছিল। ১১ মাৰ্চলৈকে কাজিৰঙাৰ বিভিন্ন স্থানত চলা তথ্যচিত্ৰৰ দৃশ্য সামৰি আজি পুৱা তেওঁ গুৱাহাটীলৈ উভতি যায়। বিয়লিলৈ গুৱাহাটীৰ পৰা ইংলেণ্ডলৈ বুলি উৰা মাৰিব।

কেভিন পিটাৰচেনে গুৱাহাটীৰ মহিৰ্ষী বিদ্যা মন্দিৰৰ চাৰিজন ছাত্ৰ-ছাত্ৰীসহ এটা ১৫ জনীয়া দল লৈ কাজিৰঙালৈ আহিছিল। কাজিৰঙাত থকা সময়ত তেওঁ তথ্যচিত্ৰৰ কামৰ উপৰি বোকাখাতৰ ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এটা বকুল গছৰ পুলি ৰোপণ কৰি নিজে স্বাক্ষৰ কৰা এখন ফলকো আঁৰি দিয়ে।

বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সৈতে ক্ৰিকেট খেলাৰ উপৰি তেওঁ ঝুমুৰৰ তালে তালে নৃত্যও কৰে। তদুপৰি অগৰাতলিৰ ধোৱাআটি গাঁৱত মিচিং সংস্কৃতি আৰু নতুন ডাঙ্গা গাঁৱত কাৰ্বি সংস্কৃতিৰ সোৱাদ লৈ তেওঁ কাজিৰঙাৰ ডিৰিং বাগিচা দৰ্শন কৰে।

সম্পাদনাৰ পাচত ‘চেভ দা ৰাইনো’ তথ্যচিত্ৰখন সমগ্ৰ বিশ্ববাসীৰ মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দি প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কাজিৰঙাত স্থানীয় ৰাইজৰ সহযোগত গঁড় হত্যা নিয়ন্ত্ৰণত দেখুওৱা সাফল্যৰ ভূয়সী প্ৰসংশা কৰে।

Related News