DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাজিৰঙাৰ স্মৃতি সামৰি ইংলেণ্ডলৈ উভতিল প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰচেন

উত্তম শইকীয়া by উত্তম শইকীয়া
March 12, 2020 10:29 am
16.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ জনসাধাৰণৰ গঁড়ৰ সংৰক্ষণৰ প্ৰতি থকা আন্তৰিকতাক প্ৰশংসা কৰে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰচেনে। গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আফ্ৰিকাই কাজিৰঙাৰ পৰা শিকিব লগীয়া আছে বুলি টুইট কৰে একালৰ শীৰ্ষ বেটছমেন গৰাকীয়ে।

Think about this, Africa…!
Saving OUR African rhinos CAN be done! pic.twitter.com/ZCXr3dVCxi

— Kevin Pietersen? (@KP24) March 7, 2020

উল্লেখযোগ্য যে ‘চেভ দ্যা ৰাইনো’ শীৰ্ষক নিজৰ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত যোৱা ৪ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পিটাৰচেনে বাহৰ পাতি আছিল। ১১ মাৰ্চলৈকে কাজিৰঙাৰ বিভিন্ন স্থানত চলা তথ্যচিত্ৰৰ দৃশ্য সামৰি আজি পুৱা তেওঁ গুৱাহাটীলৈ উভতি যায়। বিয়লিলৈ গুৱাহাটীৰ পৰা ইংলেণ্ডলৈ বুলি উৰা মাৰিব।

কেভিন পিটাৰচেনে গুৱাহাটীৰ মহিৰ্ষী বিদ্যা মন্দিৰৰ চাৰিজন ছাত্ৰ-ছাত্ৰীসহ এটা ১৫ জনীয়া দল লৈ কাজিৰঙালৈ আহিছিল। কাজিৰঙাত থকা সময়ত তেওঁ তথ্যচিত্ৰৰ কামৰ উপৰি বোকাখাতৰ ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এটা বকুল গছৰ পুলি ৰোপণ কৰি নিজে স্বাক্ষৰ কৰা এখন ফলকো আঁৰি দিয়ে।

বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সৈতে ক্ৰিকেট খেলাৰ উপৰি তেওঁ ঝুমুৰৰ তালে তালে নৃত্যও কৰে। তদুপৰি অগৰাতলিৰ ধোৱাআটি গাঁৱত মিচিং সংস্কৃতি আৰু নতুন ডাঙ্গা গাঁৱত কাৰ্বি সংস্কৃতিৰ সোৱাদ লৈ তেওঁ কাজিৰঙাৰ ডিৰিং বাগিচা দৰ্শন কৰে।

সম্পাদনাৰ পাচত ‘চেভ দা ৰাইনো’ তথ্যচিত্ৰখন সমগ্ৰ বিশ্ববাসীৰ মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দি প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কাজিৰঙাত স্থানীয় ৰাইজৰ সহযোগত গঁড় হত্যা নিয়ন্ত্ৰণত দেখুওৱা সাফল্যৰ ভূয়সী প্ৰসংশা কৰে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd