আউট হৈ হেৰী ব্ৰুক পেভিলিয়নলৈ উভতি আহিছিল। পাৱাৰ প্লে’ত ৩৮ ৰানত ২ উইকেট হেৰুৱাই ইংলেণ্ডে। সকলোৰে মনলৈ আহিল ইংলেণ্ডৰ আশা আৰু শেষ। চলিত বিশ্বকাপত ইংলেণ্ডৰ আটাইতকৈ ধাৰাবাহিক সফল বেটছমেন ব্ৰুক। তেওঁৰ এটা শতকো আছে। ইংলেণ্ডৰ অধিনায়ক আউট হোৱাৰ পিছত আৰু কোনো আশা নাছিল।
কিন্তু কোনে জানিছিল যে ২২ বছৰীয়া বাওঁহতীয়া বেটছমেনজনৰ হাতত অকলেই খেল সলনি কৰাৰ ক্ষমতা আছে! তেওঁক কোনেও হিচাপত ৰখা নাছিল। কিন্তু ইংলেণ্ডৰ যুৱ ক্ৰিকেটাৰগৰাকীয়ে টি-২০ বিশ্বকাপৰ মঞ্চত নিজৰ পৰিচয় দাঙি ধৰিলে। তেওঁৰ নাম জেকব গ্ৰেহাম বেথেল। বয়স ২২ বছৰ ১৩৪ দিন।
আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ইংলেণ্ডত খেলিলেও তেওঁৰ জন্ম বাৰ্বাডোছত। হেৰিছন কলেজৰ ৰাগবী স্কুলত পঢ়াশুনা কৰিছিল। এই ইংৰাজ বেটছমেনগৰাকীয়ে বৃহস্পতিবাৰে ৱানখেড়েত লাখ লাখ ভাৰতীয়ৰ হৃদয় ভঙাৰ কাৰণ হোৱাৰ উপক্ৰম হৈছিল।
কাৰ্ডিফত এক শীতৰ সেমেকা ৰাতি তেওঁ বিশ্ব ক্ৰিকেটত অভিষেক ঘটায়। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২০ বছৰ। ইংলেণ্ডৰ হৈ দ্বিতীয়খন মেচত এডাম জাম্পাৰৰ এটা অভাৰত ২০ ৰান সংগ্ৰহ কৰে। ১৯৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি তেওঁ ৪৭ বলত লিয়াম লিভিংষ্টনৰ সৈতে ৯০ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। কেৰিবিয়ান ভ্ৰমণত অপৰাজিত অৰ্ধশতকৰ হেট্ৰিকেৰে প্ৰথমে দৃষ্টি আকৰ্ষণ কৰিছিল বেথেলে। লগে লগে তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট দলত সুযোগ লাভ কৰে।
প্ৰথম অৱস্থাত তেওঁ অতি গুৰুত্বপূৰ্ণ তিনি নম্বৰত স্থান লাভ কৰিছিল। তেওঁ নিৰাশ কৰা নাছিল। তিনিওখন টেষ্টতে তেওঁ অৰ্ধশতক অৰ্জন কৰে। অৱশ্যে ভাৰতৰ বিৰুদ্ধে টেষ্টত তেওঁ নিজকে প্ৰমাণ কৰিব নোৱাৰিলে। অৱশ্যে ছেপ্টেম্বৰ মাহত আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বেথেলক অধিনায়ক হিচাপে ঘোষণা কৰা হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২১ বছৰ আৰু ৩২৯ দিন। ইংলেণ্ডৰ ক্ৰিকেট ইতিহাসৰ আটাইতকৈ কম বয়সীয়া অধিনায়ক আছিল তেওঁ।
এপিনৰ পৰা চিন্তা কৰিলে এনে প্ৰতিভা থাকিব লাগিছিল ৱেষ্ট ইণ্ডিজত। জন্মসূত্ৰে কেৰিবিয়ানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব লাগিছিল। জন্ম আৰু ডাঙৰ-দীঘল হৈছিল বাৰ্বাডোছত। ১৩ বছৰ বয়সত ৰাগবী স্কুলত বৃত্তি লাভ কৰি ইংলেণ্ডলৈ আহিছিল। তাত ৱাৰউইকশ্বাৰৰ যুৱ দলত যোগদান কৰে।
২০২১ চনত মাত্ৰ ১৭ বছৰ বয়সত খেলিবলৈ আৰম্ভ কৰে। একে বছৰতে টি-২০ ক্ৰিকেটত অভিষেক ঘটায়। ইংলেণ্ডে ২০২২ চনৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে। বেথেল সেই দলটোৰ অংশ আছিল। কোৱাৰ্টাৰ ফাইনেলত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪২টা বলত ৮৮ ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী দুবছৰত পাৰফৰমেন্স গ্ৰাফ বৃদ্ধি পালে।
২০২৪ চন আছিল তেওঁৰ সোণালী সময়। ৱাৰউইকশ্বাৰ আৰু বাৰ্মিংহাম ফিনিক্সৰ বাবে শতিকাজুৰি ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইংলেণ্ডৰ ছিনিয়ৰ দললৈ মাতি অনা হৈছিল। লগতে টি-২০ ফ্ৰেঞ্চাইজিৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মেইলবৰ্ড ৰেনেগেডছ, পাৰ্ল ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বাবে স্বাক্ষৰ কৰিছিল। বেথেল মূলতঃ এজন বেটিং অল-ৰাউণ্ডাৰ। এই পৰ্যন্ত তেওঁ নিজৰ চুটি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বিভিন্ন ভূমিকাত সফলতা অৰ্জন কৰিছে। বিস্ফোৰক বেটিং কৰাৰ শক্তি তেওঁৰ আছে। বাওঁহতীয়া স্পিনাৰ আৰু এজন দুৰ্দান্ত ফিল্ডাৰ।
তেওঁ এই পৰ্যন্ত ৬ খন টেষ্ট মেচ খেলিছে। মুঠ ৰান ৪৭৬.সৰ্বোচ্চ ১৫৪.গড় ৪৩.২৭। তেওঁ ২১খন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল। ৰান ৬০৩.সৰ্বোচ্চ ১১০.গড় ৩৩.৫০। টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে তেওঁ ৩০ খন টি-২০ মেচ খেলিছিল। মুঠ ৰান ৫৯২। গড় ২৫.৭৩। সৰ্বোচ্চ ৰান আছিল ৬২ নট আউট।
এইবাৰ তেওঁ ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত নিজৰ ব্যক্তিগত ৰানৰ অভিলেখ অতিক্ৰম কৰিলে। ৱানখেড়েত তেওঁ ৪৮টা বলত ১০৫ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৪৫টা বলত তেওঁ শতকত উপনীত হয়। বিধ্বংসী ইনিংছটোত আছিল ৭টা ছয় আৰু ৮টা চাৰি। ষ্ট্ৰাইক ৰেট ২১৮.৭৫। তেওঁ এককভাৱে দলটোক জয়ৰ দিশে আগুৱাই লৈ গৈছিল। হেৰী ব্ৰুক আৰু জোছ বাটলাৰে হয়তো তেওঁৰ পৰা এই ইনিংছ আশা কৰা নাছিল। তেওঁ কাৰ্যতঃ পৰাজিত মেচখন শেষ অভাৰলৈকে টানি নিছিল। অৱশেষত বৃহস্পতিবাৰে নিশা ইংলেণ্ডক জয়ী কৰাত ব্যৰ্থ হ’লেও জেকব বেথেলে বিশ্ব মঞ্চত নিজৰ নাম খোদিত কৰিলে।





