NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ পোচাকত বিলুপ্তিৰ গ্ৰাসত ইংৰাজী ভাষা

February 22, 2019 8:56 pm · এন ই নাও নিউজ
Updated: February 22, 2019 9:57 pm
প্ৰতীকী ছবি। সৌজন্য-- Northeasttoday.in|

অসম আৰক্ষীৰ পোচাকৰ পৰা বিলুপ্ত হ’ব ইংৰাজী ভাষা!

আৰক্ষী সঞ্চালকপ্ৰধান তথা সাহিত্যিক কুলধৰ শইকীয়াই অসম সাহিত্য সভাক শুকুৰবাৰে দিয়া “আশ্বাস” যদি সঁচা হয়, তেন্তে এই প্ৰত্যাহ্বানৰ মুখত পৰিব পাৰে সৰ্বাধিক প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ভাষাটো।

ৰাজ্য ভাষা আইন অনুসৰি অসম আৰক্ষীৰ পোচাক-নামফলককে ধৰি সকলো বিভাগীয় কাম-কাজত ভাষাৰ যথোপযুক্ত প্ৰয়োগৰ বাবে সভাই জনোৱা দাবী “বলবৎ” কৰাৰ দিশত পদক্ষেপ লোৱাৰ আশ্বাস দিছে শইকীয়াই।

“আৰক্ষী-ৰাইজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল আৰু শক্তিশালী মাধ্যম মাতৃভাষা। অসম আৰক্ষীয়ে সমগ্ৰ বিষয়টো আন্তৰিকতাপূৰ্ণভাৱে আগবঢ়াই নিব,” সঞ্চালকপ্ৰধান শইকীয়াৰ এই উদ্ধৃতি সাহিত্য সভাৰ।

লগতে পঢ়ক– অসমীয়াত লিখক, নহলে ৰাজহুৱাকে পুৰি পেলাম চিঠি: অসম চৰকাৰক সকীয়নি সাহিত্য সভাৰ

সভাই “আৰক্ষীৰ সকলো প্ৰকাৰৰ নিয়োগৰ লিখিত সাক্ষাৎকাৰত ৫০ শতাংশ অসমৰ মাতৃভাষা আৰু ৫০ শতাংশ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰা, অসম আৰক্ষীৰ অভ্যন্তৰীণ সকলোপ্ৰকাৰৰ কাম-কাজত বিশেষকৈ গোচৰ লিপিবদ্ধ কৰাত, জৱানবন্দী লিখাত, পোছাকত আৰু নিজৰ নামফলকত তথা যিকোনো ধৰণৰ আৰক্ষীৰ কাম-কাজত চৰকাৰী ভাষাৰ যথোপযুক্ত প্ৰয়োগ কৰাৰ” দাবী জনাইছে।

অসমীয়াৰ লগতে ৰাজ্যৰ অঞ্চলসাপেক্ষে বড়ো, বাংলা আৰু ইংৰাজীৰো যথাযথ ব্যৱহাৰৰ আহ্বান জনাইছে সভাই।

“অসমৰ সকলো আৰক্ষী কাৰ্য্যালয়ত অসমৰ ভাষা নীতিমতে ব্ৰহ্মপুত্ৰ উপত্যকাত সংযোগী অসমীয়া ভাষা, বড়ো স্বায়ত্ত শাসিত এলেকাত বড়ো-অসমীয়া ভাষা, পাৰ্বত্য এলেকাত ইংৰাজী-অসমীয়া আৰু বৰাক উপত্যকাত বাংলা-অসমীয়া ভাষা যথাযথভাৱে ব্যৱহাৰ কৰাৰ আহ্বান জনায়,” সভাৰ বিবৃতি।

Related News