DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াত লিখক, নহ’লে ৰাজহুৱাকে পুৰি পেলাম চিঠি: অসম চৰকাৰক সকীয়নি সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 11:03 pm
Parama Nanda

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। ফটো: নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ২১ ফেব্ৰুৱাৰি “বিশ্ব মাতৃভাষা দিৱস”এই অন্তিম সীমা। ইয়াৰ পিছত ৰাজ্যভাষা আইন মানি অসমীয়া ভাষাত নিলিখিলে চৰকাৰী চিঠি, পত্ৰ পুৰি পেলাব সাহিত্য সভাই।

“যদি চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে, অৰ্থাৎ ৰাজ্যভাষা আইন অনুসৰি যদি ভাষা ব্যৱহাৰ নকৰে, তেন্তে তেনে চৰকাৰী নথি-পত্ৰ সাহিত্য সভাই ৰাজহুৱাভাৱে দাহ কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব,” শুকুৰবাৰে অসম চৰকাৰক এই কঠোৰ সকীয়নি সভাৰ।

ৰাজ্যৰ সকলো প্ৰশাসনীয় কামত অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে চৰকাৰক দায়ী কৰা হ’ব বুলিও ঘোষণা কৰিছে সভাই।

“২১ ফেব্ৰুৱাৰিৰ পৰা চৰকাৰী পক্ষসমূহে চৰকাৰী ভাষা-নীতিত স্পষ্টকৈ উল্লেখ থকা অনুসৰি চৰকাৰী নিৰ্দেশ, প্ৰত্যুত্তৰ, জাননী, টোকা আদি প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা অসম ৰাজ্যভাষা আইন (১৯৬০) অমান্য কৰাৰ অপৰাধত চৰকাৰক দায়ী কৰা হ’ব,” সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ বিবৃতি।

অসমত ৰাজ্যভাষা আইন কাৰ্যকৰীকৰণৰ বাবে সভাই ব্যাপক তৎপৰতা অৱলম্বন কৰিছে বুলিও জনায় নেতৃত্বই।

সভাই লগতে কয় যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা, বড়ো স্বায়ত্ত শাসিত এলেকাত বড়ো-অসমীয়া ভাষাত আৱেদন, চৰকাৰী টোকা লেখাটো বাধ্যতামূলক কৰাত গুৰুত্ব আৰোপ কৰিছে। অসমৰ বাহিৰৰ আওতাত ইংৰাজী-হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে বৰাক উপত্যকাত বাংলা-অসমীয়া, পাৰ্বত্য এলেকাত ইংৰাজী-অসমীয়া ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে।

তাৰোপৰি অসমৰ চৰকাৰী-বেচৰকাৰী যিকোনো চাকৰিত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰিবই লাগিব বুলি স্পষ্ট কৰি দিছে সভাই।

“গোলকীকৰণৰ এই সময়ছোৱাত কেৱল ইংৰাজী ভাষাটোৰ জৰিয়তে উচ্চ শিক্ষা আহৰণৰ সুযোগ দিয়াৰ বাবেই মাতৃভাষা বা চৰকাৰী শিক্ষানুষ্ঠানলৈ চৰম প্ৰত্যাহ্বান আহি পৰিছে,” সভাৰ মত।

চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈকে যিকোনো চাকৰিত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিলেহে নিজ নিজ মাতৃভাষা শিকিবলৈ সকলো বাধ্য হ’ব, সভাৰ মত।

সভাই লগতে কয় যে এনে কৰিলে ইংৰাজী মাধ্যমৰ বিদ্যালয় কৰ্তৃপক্ষই মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ৰ শিক্ষক নিযুক্তি দিবলৈ বাধ্য হ’ব, ফলস্বৰূপে চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাৰ বিদ্যালয়সমূহে নতুনকৈ প্ৰাণ পাই উঠিব।

জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত জোৱানসকলৰ মৃত্যুতো অসম সাহিত্য সভাই শোক প্ৰকাশ কৰিছে।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd