• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ বছৰত ৰাজ্যত ৭৫জন ৰহিংগীয়াক গ্ৰেপ্তাৰ, ৯জনকহে ঘূৰাই পঠোৱা হৈছে : হিমন্ত বিশ্ব

বিজেপি চৰকাৰৰ দিনত বেছি ৰহিংগীয়া আৰক্ষীৰ জালত পৰা বুলি দাবী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2019 9:29 pm
Himanta Biswa pmt

সংবাদমেলত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যত গ্ৰেপ্তাৰ হৈছে মাত্ৰ ৭৫জন ৰহিংগীয়া। আৰু ইয়াৰে মাত্ৰ ৯জনকহে স্বদেশলৈ ঘূৰাই পঠোৱা হৈছে। ডিটেইনশ্যন কেম্পত আছে ২২জন ৰহিংগীয়া, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৪৪জন ৰহিংগীয়া। আজি জনতা ভৱনত বিত্ত মন্ত্ৰীজনে নিজৰ সভাকক্ষত সংবাদমেল সম্বোধন কৰি এই তথ্য দাঙি ধৰে।

গ্ৰেপ্তাৰ কৰা বাকীসকল ৰহিংগীয়াক কিছু ন্যায়িক জিম্মাত আৰু অন্য কিছু সংখ্যকক ডিটেনশ্যন কেম্পত আছে। সংবাদমেলত মন্ত্ৰীজনে জনায়।

Apply Now

মন্ত্ৰীজনে প্ৰদান কৰা তথ্য অনুসৰি প্ৰথমজন ৰহিংগীয়া গ্ৰেপ্তাৰ হৈছিল ২০০৯ চনৰ ২২ ছেপ্টেম্বৰত পল্টনবজাৰ বাছ ষ্টেণ্ডৰ পৰা। তাৰ পাছতে ২০১০ চনৰ ১৫ মে’ৰ দিনা কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হৈছিল দ্বিতীয়জন। ২০১২ চনৰ ৯ মাৰ্চৰ দিনা হোজাইত তৃতীয়জন ৰহিংগীয়া আৰক্ষীৰ জালত পৰে। তাৰ পাছতে কাছাৰ জিলাত ২০১২ চনৰ ২৯ জুলাইত ৭জন ৰহিংগীয়া গ্ৰেপ্তাৰ হৈছিল। একেটা বৰ্ষৰ ১২ নৱেম্বৰত হোজাইত একেলগে ১০জন ৰহিঙীয়াক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পাছতে ২০১৩ চনৰ ২৩ অক্টোবৰৰ দিনা তেজপুৰত ৫জনক গ্ৰেপ্তাৰ কৰা হয়।

২০১৭ চনৰ ১৭ মাৰ্চত কৰিমগঞ্জত পুনৰ ৬জন ৰহিংগীয়া আৰক্ষীৰ জালত পৰে। একেখন জিলাৰ পৰাই ২০১৯ চনৰ ২১ জানুৱাৰিত ৩০জন, ১০ ফেব্ৰুৱাৰিত কাছাৰৰ পৰা ৮জন আৰু শেহতীয়াকৈ ১৭ ফেব্ৰুৱাৰিত লামডিঙত আৰক্ষীৰ জালত পৰে ৩জন ৰহিংগীয়া।

সংবাদমেলত মন্ত্ৰীজনে এইখিনি তথ্য দাঙি ধৰি কয় যে ২০১৩ চনৰ পৰা ২০১৭ চনলৈকে অৰ্থাৎ প্ৰায় চাৰি বছৰে অসম আৰক্ষীৰ হাতত কোনো ধৰণৰ ৰহিংগীয়া ধৰা পৰা নাছিল।

ইয়াৰ পিছতে মন্ত্ৰীজনে ‘ৰহিংগীয়া আৰক্ষী জালত নপৰা মানেই অনুপ্ৰৱেশ হোৱা নাছিল’ বুলি নুবুজায়, এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

সংবাদমেলত পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমানৰ চৰকাৰৰ দিনত বেছি ৰহিংগীয়া আৰক্ষীৰ জালত পৰা বুলি দাবী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইপিনে, ১৪খন জিলাত লাহে লাহে অসমীয়াই অস্তিত্ব হেৰুৱাইছে বুলি সভাই-সমিতিয়ে ইতিমধ্যে উল্লেখ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। আজিও সেই একে কথাকে দোহাৰি মন্ত্ৰীজনে কয়, “সেই জিলাসমূহতে বেছিকৈ ৰহিংগীয়া ধৰা পেলাইছে অসম পুলিচে।”

আনহাতে, তেলেংগানা, দিল্লী আৰু জম্মুত থকা ৰহিংগীয়াৰ শিবিৰৰ পৰা ৰহিংগীয়া বিলাক অসমলৈ আহিছে বুলি দাবী কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, “এইসমূহৰ কিছু সংখ্যক অসমত প্ৰবেশ কৰিবলৈ লওঁতে ধৰা পৰিছে।”

ইয়াৰোপৰি, ওপৰোক্ত শিবিৰ তিনিটাৰ পৰা ৰহিংগীয়াক অসমলৈ অনাৰ ক্ষেত্ৰত ‘চাহিল এডুকেইশ্যনেল ছ’চাইটি’ নামৰ প্ৰতিষ্ঠানটোৱে সহায় কৰিছে বুলি সংবাদমেলত দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই।

“চাহিল এডুকেইশ্যনেল ছ’চাইটিৰ অসমত এটা নেটৱৰ্ক আছে। তেওঁলোকে অসমৰ স্থানীয় সংগঠনৰ সৈতে সম্পৰ্ক কৰি অসমত ৰহিংগীয়াসকলক সংস্থাপন দিয়াত সহায় কৰিছে।”, কয় হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে ‘চাহিল এডুকেইশ্যনেল ছ’চাইটি’ নামৰ প্ৰতিষ্ঠানটোৱে ৰহিংগীয়া অসমলৈ অনা বুলি গোন্ধ পোৱা মন্ত্ৰীজনে এইটো ক’ৰ আৰু কেনে প্ৰতিষ্ঠান সেই কথা সংবাদমেলত জনোৱাৰ পৰা বিৰত থাকিল মন্ত্ৰীজন।

আনহাতে, যোৱা তিনিমাহত ৰহিংগীয়া প্ৰৱেশৰ মাত্ৰা অসমত বৃদ্ধি পোৱা বুলি দাবী কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, “বিভিন্ন কাৰণত আমি ছ’চিয়েল মিডিয়াত ব্যস্ত থকাৰ কাৰণে যোৱা তিনিমাহত ৰহিংগীয়া প্ৰৱেশৰ মাত্ৰা বৃদ্ধি পাইছিল।”

উল্লেখ্য যে, যোৱা তিনিমাহ অসমৰ দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। সেই সুযোগতে কিছু দুষ্ট চক্ৰই অসমত ৰহিংগীয়া প্ৰৱেশ কৰোৱা বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

“যেনেকৈ বানপানীৰ সুযোগ লৈ একাংশই চোৰ-ডকাইত কৰে, ঠিক তেনেকৈ বিধেয়ক বিৰোধী আন্দোলনৰ সুযোগ গ্ৰহণ কৰি একাংশ মৌলবাদী সংগঠন তথা দুষ্ট চক্ৰই ৰহিংগীয়াক অসমত প্ৰৱেশ কৰাত সহায় কৰি আহিছে বুলি ভাবো”, হিমন্ত বিশ্বই কয়।

আনহাতে, পুলৱামা কাণ্ডৰ পাছত ছ’চিয়েল মেডিয়াত ভাৰতবিৰোধী অথবা পাকিস্তান তথা সন্ত্ৰাসবাদৰ সমৰ্থনত মন্তব্য কৰাক কেন্দ্ৰ কৰি বৰ্তমানলৈকে ৰাজ্যত ১৯টাকৈ গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত ১৫জনক বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদমেলত মন্ত্ৰীজনে জনায়।

ৰহিংগীয়াৰ অনুপ্ৰৱেশ আৰু ভাৰত বিৰোধী মন্তব্যৰ বিষয়ত অসম আৰক্ষী সম্পূৰ্ণৰূপে সষ্টম হৈ আছে বুলি দাবী কৰে মন্ত্ৰীজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd