• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোন্থাৰ প্ৰভাৱ! অন্ধ্ৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰম্ভ; বাতিল বহু ৰে’ল, স্থগিত বিমান সেৱা, বন্ধ স্কুল-কলেজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 8:57 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশাৰ পৰা অন্ধ্ৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ইয়াৰ লগত প্ৰচণ্ড বতাহ। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে বিয়লি মোন্থা ঘূৰ্ণীবতাহে আঘাত হানিব। প্ৰবল নিম্নচাপ ইতিমধ্যে ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হৈছে।

ৰাজ্যজুৰি জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আগতীয়া সতৰ্কতা হিচাপে ৰে’লৱেই বাতিল কৰিছে ৬৫খনতকৈও অধিক স্থানীয় আৰু এক্সপ্ৰেছ ৰে’ল। ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সকলো বিমানো বাতিল কৰা হৈছে।

Apply Now

ইষ্ট ক’ষ্ট ৰে’লৱেই জনাইছে যে ২৯ অক্টোবৰলৈকে বিশাখাপট্টনম-তিৰুপতি, বিশাখাপট্টনম-চেন্নাই, বিশাখাপট্টনম-কিৰাণ্ডুল, বিশাখাপট্টনম-কোৰাপুট পথত ৰে’ল সেৱা বন্ধ থাকিব। বতৰ স্বাভাৱিক নোহোৱালৈকে সেৱা আৰম্ভ নহ’ব বুলি ৰে’ল বিভাগৰ বিষয়াসকলে জনাইছে।

ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে বিমান যাতায়তো ব্যাহত হৈ পৰিছে। ২৮ অক্টোবৰ মঙলবাৰে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সকলো বিমান বাতিল কৰা হৈছে। বিমান সংস্থাই যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে বিমানৰ ষ্টেটাছ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাৰ সকলো বিদ্যালয়ো বন্ধ কৰি দিয়া হৈছে। বৃহস্পতিবাৰলৈকে সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

চন্দ্ৰবাবু নাইডু চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চলৰ পৰা স্থানীয় বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ কাম আৰম্ভ কৰিছে। এনডিআৰএফ আৰু এছডিআৰএফ নিয়োগ কৰা হৈছে। ৰাজ্যজুৰি মুকলি কৰা হৈছে ৪০০টা অস্থায়ী শিবিৰ। বতৰ বিজ্ঞান বিভাগে প্ৰতি ঘণ্টাত ঘূৰ্ণীবতাহৰ গতিবিধি নিৰীক্ষণ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পৰিস্থিতি মোকাবিলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে বিয়লি বা সন্ধিয়া মাচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজত ঘূৰ্ণীবতাহ মোন্থাই আঘাত কৰিব পাৰে। সেই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ হ’ব পাৰে। অনুমান কৰা হৈছে যে ধুমুহাৰ গতি সৰ্বাধিক ১০০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।

ওড়িশাতো দুৰ্যোগৰ আশংকা আছে। ইতিমধ্যে ওড়িশাৰ উপকূলৰ ৮খন জিলাৰ বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে তেলেংগানা আৰু চেন্নাইত প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd