NORTHEAST NOW (Assamese)

৩ মাহ উকলি যোৱাৰ পিছতো পাঠ্যপুথিৰ পৰা বঞ্চিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

March 28, 2019 12:06 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন সাধনৰ প্ৰতি ন্যূনতম সদিচ্ছা নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ। এফালে যদি প্ৰাপ্য বিচাৰি শিক্ষকে আন্দোলন কৰিব লগীয়া হৈছে আনফালে শিক্ষাবৰ্ষৰ ৩টা মাহ উকলি যোৱাৰ পিছতো পাঠ্যপুথিৰ পৰা বঞ্চিত হৈ আছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতি যোগে বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰত্যেক শিক্ষাখণ্ডত ২ৰ পৰা ৩ হাজাৰ কিতাপৰ প্ৰয়োজন, এই তথ্য মিছন কাৰ্যালয়ত জিলা মিছন কাৰ্যালয়যোগে প্ৰদান কৰা হৈছে যদিও তিনিমাহ উকলি যোৱাৰ পিছতো শিক্ষা বিভাগে কিতাপৰ যোগান দিয়া নাই। ঊৰ্ধ্বতন বিষয়াসকলে কেৱল মিলাই লওক বুলি কৈয়ে দায় সাৰিছে বুলি সন্মিলনীয়ে অভিযোগ কৰে।

উল্লেখযোগ্য যে শিক্ষা অধিকাৰ আইনৰ অধীনত সকলো ছাত্ৰ-ছাত্ৰীয়ে বছৰটোৰ প্ৰথমটো দিনতে পাঠ্যপুঠি পাব লাগে যদিও ৩টাকৈ মাহ উকলি পিছতো সিদ্ধার্থ ভট্টাচাৰ্য নেতৃত্বাধীন শিক্ষা বিভাগ কিতাপৰ যোগান ধৰিবলৈ সক্ষম নহ’ল।

আনহাতে অহা ২ এপ্ৰিলৰ পৰা হ’বলগীয়া প্ৰাথমিক বিদ্যালয়ৰ চলিত শিক্ষাবৰ্ষৰ প্ৰথমটো মূল্যায়নলৈ আৰু মাত্ৰ ৪টা দিনহে বাকী আছে যদিও এইপৰ্যন্ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে কোনো মূল্যায়ন বহী যোগান নিদিয়াত বিপাঙত পৰিছে শিক্ষকসকল। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কিছু শিক্ষাখণ্ডত মূল্যায়ন বহী জমা হৈছে যদিও সেইসমূহো বিদ্যালয় পোৱাগৈ নাই।

Related News