নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দোপাধ্যায়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। এছ আই আৰ ইছ্যু অৰ্থাৎ ভোটাৰ তালিকাৰ তথ্য সংশোধনক কেন্দ্ৰ কৰি তেওঁ কয় যে আজি যদি নেতাজী সুভাষ চন্দ্ৰ বসু জীয়াই থাকিলেহেঁতেন, তেন্তে তেওঁকো হয়তো নামৰ খেলিমেলিৰ অজুহাতত শুনানিলৈ মাতি পঠিওৱা হ’লহেঁতেন।
নেতাজীৰ নাতি চন্দ্ৰ বসুক নিৰ্বাচন আয়োগে জাননী পঠোৱা ঘটনাক লৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। এই ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত বহুতে প্ৰশ্ন কৰিছে যে এতিয়া নেতাজীৰ পৰিয়ালৰ লোকেও নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব নেকি। নিৰ্বাচন আয়োগে অৱশ্যে জনাইছে যে ফৰ্মত লিঙ্কেজ অংশটো খালি থকাৰ বাবেহে চন্দ্ৰ বসুক মাতি পঠিওৱা হৈছে।
মুখ্যমন্ত্ৰী মমতা বন্দোপাধ্যায়ে অভিযোগ কৰে যে বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি দেশৰ গণতান্ত্ৰিক গাঁথনিটোক দুৰ্বল কৰি তুলিছে। তেওঁ কয় যে বৰ্তমান দেশৰ ইতিহাসক ইচ্ছানুসৰি সলনি কৰাৰ এক চেষ্টা চলিছে। স্বাধীনতা আন্দোলনৰ মহান নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ অৱদানক আঁৰ কৰি এক নতুন ইতিহাস জাপি দিয়াৰ চেষ্টা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁৰ মতে এই নতুন ইতিহাসৰ সৈতে ভাৰতৰ প্ৰকৃত ইতিহাসৰ কোনো মিল নাই।
দেশৰ সংবিধানৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিদিনে সংবিধানৰ মৰ্যাদা হানি কৰা হৈছে আৰু ই দেশৰ গণতন্ত্ৰৰ বাবে এক গভীৰ চিন্তাৰ বিষয়। মমতা বন্দোপাধ্যায়ে প্ৰশ্ন কৰে যে যদি সামান্য তথ্যৰ গৰমিলৰ বাবে জাননী পঠাব পাৰি, তেন্তে নেতাজীৰ দৰে ঐতিহাসিক ব্যক্তিত্বয়ো জানো ৰেহাই পালেহেঁতেন। তেওঁ দিল্লীক চক্ৰান্তৰ নগৰী বুলিও অভিহিত কৰে। তেওঁ কয় যে এদিন স্বাধীন ভাৰতৰ সপোন দেখি নেতাজীয়ে দিল্লী চলোৰ আহ্বান দিছিল, কিন্তু এতিয়া সেই দিল্লীৰ পৰাই বংগৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।
এছ আই আৰক কেন্দ্ৰ কৰি ৰাজ্যখনত ইতিমধ্যে কেইবাজনৰো মৃত্যু হোৱা ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন আয়োগৰ ভূমিকাক প্ৰশ্ন কৰে। তেওঁ কয় যে ইমানবোৰ মানুহৰ মৃত্যুৰ দায়িত্ব আয়োগে এৰাই চলিব নোৱাৰে। তেওঁ লগতে প্ৰশ্ন কৰে যে এই মৃত্যুৰ বাবে আয়োগৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। নেতাজীৰ জন্মদিনত ইতিহাস, গণতন্ত্ৰ আৰু সংবিধানক সুৰক্ষা দিয়াৰ কথা কৈ মমতা বন্দোপাধ্যায়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নিজৰ ৰাজনৈতিক স্থিতি অধিক স্পষ্ট কৰি তোলে।





