মুকলি হ’ল ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসম

উদ্যোগ, প্ৰতিষ্ঠান আৰু বৃত্তিধাৰী সংস্থাৰ লগতে ইভেণ্ট আৰু অনুভাৱত্মক মাৰ্কেটিং উদ্যোগৰ হৈ কাম কৰা স্বায়ত্ত সংস্থা ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসম (ইএমএএ) আজি গুৱাহাটীৰ হোটেল ৰেডিচনত আনুষ্ঠানিকভাৱে মুকিল কৰা হয়।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ মুকিল এক নতুন যুগৰ আৰম্ভণিৰূপে পৰিচিত হ’ব, যিয়ে অসমত অহা বছৰসমূহত ইভেণ্ট উদ্যোগৰ বিকাশ সাধন কৰিব।

উদ্যোগ প্ৰতিষ্ঠান সমূহৰ কণ্ঠস্বৰ হোৱাৰ ধাৰণা এটা সজাই ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমক গঠন আৰু মুকিল কৰা হৈছে।

এছ’চিয়েছন অৱ অসমৰ এখন কমিটিও গঠন কৰা হৈছে। ইভেণ্ট মেনেজাৰ এছ’চিয়েছন অৱ অসমৰ সভাপিতৰূপে থাকিব চিষ্টেম আৰু ছাৰ্ভিছৰ মানস কুমাৰ শৰ্মা।

তেওঁৰ উপৰি কমিটিখনত থাকিব আৰিয়ান্স ইভেণ্টছ ছলিউছন ( Aryans Events Solution) ৰ সাধাৰণ সম্পাদক চম্পক দাস, গ্ৰেণ্ড এফিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কোষাধক্ষ্য অভয় কুমাৰ বাৰজাতিয়া (Abhay Kumar Barjatiya)।

ইয়াৰ উপৰি কমিটিত থাকিব পৰামৰ্শদাতা, যুটীয়া সম্পাদক, আঞ্চলিক সম্পাদক, প্ৰচাৰ সম্পাদক। যিয়ে নিজ নিজ কাৰ্যৰে আগুৱাই নিব ইএমএএক।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ মূল উদ্দেশ্যে হৈছে অসমৰ ইভেণ্ট উদ্যোগক একত্ৰিত কৰি পিছত উত্তৰ পূব আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কঢ়িয়াই লৈ যোৱা।

এছ’চিয়েছনৰ প্ৰাথমিক কৰ্তব্যৰূপে থাকিব উদ্যোগৰ প্ৰচাৰ, ৰাজহুৱা আৰু ব্যক্তিগত নীতিৰ ওকালিত কৰা, অনুষ্ঠান আয়োজনৰ প্ৰশিক্ষণ, নেটৱৰ্ক গঢ়াৰ বাবে বিশেওষ পৰামৰ্শ তথ্য বিতৰণ কৰা।

যিহেতু ইভেণ্ট মেনেজমেণ্ট উদ্যোগটো অসমত বিকশিত আৰু প্ৰসাৰ লাভ কৰা, সেয়ে ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমে এইবোৰলৈ বৃত্তিগত সমৰ্থনৰ ক্ষেত্ৰত এক ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইভেণ্ট মেনেজমেণ্ট পেছাদাৰীসকলৰ নিৰন্তৰ বিকাশ আৰু সফলতা নিশ্চিত কৰিব।

ইভেণ্ট উদ্যোগটোৱে আমাৰ অৰ্থনীতিত চলাই নিয়া আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েছন অৱ অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪০ জনতকৈ অধিক সদস্য আছে আৰু এই খণ্ডত সহস্ৰাধিকক কৰ্মসংস্থাপন দিয়াৰ অৱদান আছে।

তেওঁলোকৰ বহুতো সদস্য কোম্পানি গ্ৰাম্য খণ্ডত কাম কৰি আছে আৰু চৰকাৰী কণ্ডৰ উপৰি জনতাৰ মাজত মাইল সংযোগ সাধনাত ভূমিকা বহন কৰি আছে।

অসমত ইভেণ্ট উদ্যোগটো দ্ৰুত বিকাশৰ উপৰি গুৰুত্বপূৰ্ণ পথেৰে আগুৱাই আছে।উৎসৱ আৰু পাৰ্টী আয়োজনতে সীমাবদ্ধ নাথাকি অসমৰ বিকাশত অংশীদাৰ হৈ পৰিছে।

এক গতিশীল খণ্ডৰূপে দশকৰ পিছত প্ৰাণ পাই উঠিছে ইভেণ্ট মেনেজমেণ্ট খণ্ড। যিদৰে ইভেণ্টৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ পৰা ন ন অনুভৱো লাভ কৰিছে।