• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্গতৰ হাহাকাৰ! পাঁচখন জেচিবি, ১হাজাৰ আৰক্ষী কৰ্মীৰে শিলসাকো বিলত জিএমডিএৰ বৃহৎ উচ্ছেদ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 7:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে গুৱাহাটীৰ শিলসাকো বিলৰ প্ৰায় ৪০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱা হয়। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অভিযানত  ১,০০০ তকৈও অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হয়।

সৰ্বাধিক অসমীয়া তথা বড়ো লোক থকা প্ৰায় ৩০০ টা পৰিয়ালক এই অভিযানত উচ্ছেদ কৰা হয়। সন্ত্ৰাসিত লোকসকলে অভিযান আৰম্ভ হোৱাৰ আগতে তেওঁলোকৰ ঘৰ খালী কৰি সামগ্ৰীসমূহ লৈ আঁতৰি যায়।

অৱশ্যে ভুক্তভোগীয়ে জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিযানটো এমাহ পিছুৱাই দিবলৈ অনুৰোধ কৰা হৈছিল যদিও সেয়া ৰক্ষা নকৰিলে। উচ্ছেদৰ বলি এগৰাকী বড়ো মহিলাই জানিবলৈ দিয়ে যে তেওঁৰ পুত্ৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু সেয়ে এই উচ্ছেদ অভিযানে তেওঁৰ পুত্ৰ ভৱিষ্যতক প্ৰভাৱিত কৰাকলৈ তেওঁ শংকিত।

Apply Now

আনহাতে, আটোমটোকাৰিকৈ সজা নিজৰ ঘৰখন চকুৰ আগতে ভাঙি পেলোৱা দেখি বিহ্বল হৈ পৰা দেখা গ’ল বহুতকে।   

উচ্ছেদ অভিযানত প্ৰায় ৪৫০ টা গাঁথনি ভাঙি ধ্বংস কৰা হৈছে। ইয়াৰ ভিতৰত কেচা আৰু পকী মিলি ৩০০ টা ঘৰৰ লগতে বাকী হৈছে গুদামৰ দৰে বাণিজ্যিক নিৰ্মাণ। অভিযানটোত পাঁচখন জেচিবি ব্যৱহাৰ কৰা হয়।

গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰিটিয়ে (জিএমডিএ) অঞ্চলটো নিৰ্ধাৰণ কৰাৰ পিছত কামৰূপ জিলা প্ৰশাসনে এই অভিযান চলাইছে।

চৰকাৰে ২০০৮ চনত হেঙেৰাবাৰী আৰু ছয়মাইলৰ ওচৰত অৱস্থিত বিলটো এক সুৰক্ষিত জলাশয় হিচাপে ঘোষণা কৰিছিল আৰু অঞ্চলটোৰ প্ৰায় ১,৮০০ বিঘা মাটিত কোনো নিৰ্মাণ বা বসতি নিষিদ্ধ কৰিছিল।

২০২১ চনৰ মে’ মাহত দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলাই আহিছে। বিৰোধীৰ সমালোচনাক উৎখাত কৰি মুখ্যমন্ত্ৰীয়ে যোৱা ডিচেম্বৰত বিধানসভাত কৈছিল যে বিজেপি শাসনত থকালৈকে অসমত চৰকাৰী আৰু বনভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত থাকিব।

আনহাতে, মহানগৰ প্ৰশাসনে চতুৰ্থবাৰৰ বাবে শিলসাঁকোত উচ্ছেদ চলালে। ভুক্তভোগীৰ অভিযোগ যে কোনো আগতীয়া জাননী অবিহনে উচ্ছেদ অভিযান চলোৱা হৈছে। সেইদৰে কোনো পুনঃসংস্থাপনৰ ব্যৱস্থাও লোৱা হোৱা নাই।

প্ৰশাসনৰ জেচিবিৰ হাতোৰাৰ পৰা মন্দিৰ আৰু মছজিদো সাৰি নগ’ল। তদুপিৰ, খাজনা দি থকা মাটিত, GMDA ৰ Holding নম্বৰ থকা ঘৰতো বিজেপি চৰকাৰে উচ্ছেদ চলোৱা বুলি দাবী কৰিছে ঘটনাৰ বলি লোকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd