২০২৪ৰ লোকসভা নিৰ্বাচনত ইভিএম ভোটদানৰ অনিয়ম উন্মোচন নিৰ্বাচন আয়োগৰ, অসমতো বিসংগতি

প্ৰতিনিধিত্বমূলক ফটো।

যোৱা ৪ জুন মঙলবাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৩৬২টা সমষ্টিত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ দ্বাৰা দিয়া ৫,৫৪,৫৯৮টা ভোট বাতিল কৰে নিৰ্বাচন আয়োগে।

তদুপৰি, ভাৰতৰ নিৰ্বাচন আয়োগে ১৭৬টা সমষ্টিত ৩৫,০৯৩টা ইভিএম ভোটৰ বৃদ্ধি পোৱা গৈছে, অৰ্থাৎ ইভিএমত দিয়া ভোটৰ সংখ্যা ফলাফলৰ দিনটোত গণনা কৰা ভোটৰ সৈতে মিল নাছিল। এই তুলনাত ডাক বেলট বাদ দিয়া হৈছে, কিয়নো ভোটদানৰ তথ্যত কেৱল ইভিএম ভোটহে অন্তৰ্ভুক্ত কৰা হৈছে।

তথ্যগতভাৱে কমেও ২৬৭টা সমষ্টিত ৫০০ ভোটতকৈ অধিক ভোটৰ পাৰ্থক্য দেখা গৈছে। উদাহৰণেৰে ফহিয়াই চালে সকলো বুজি পোৱা যাব।

উদাগৃহৰণস্বৰূপে, ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদান হোৱা তামিলনাডুৰ তিৰুভাল্লুৰ সমষ্টিত ২৫ মে’ত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটদানৰ তথ্য অনুসৰি ১৪,৩০,৭৩৮টা ইভিএম ভোট ৰেকৰ্ড কৰা হয়। গণনাৰ দিনা (৪ জুন) মাত্ৰ ১৪,১৩,৯৪৭টা ইভিএম ভোট গণনা কৰা হয়, য’ত ১৬,৭৯১ টা ভোটৰ ঘাটি দেখা গৈছে।

লগতে পঢ়কঃ ডিফুত নিশা শুই থকা অৱস্থাতে যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ২৬ এপ্ৰিলত ভোটদান কৰা অসমৰ কৰিমগঞ্জ সমষ্টিত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১১,৩৬,৫৩৮টা ভোট লাভ কৰা হৈছে। কিন্তু ফলাফলৰ দিনটোত (৪ জুন) ১১,৪০,৩৪৯ টা ভোট গণনা কৰা হয়, যাৰ ফলত ৩,৮১১ টা ভোট অতিৰিক্ত পোৱা গৈছে।

নিৰ্বাচন আয়োগে দুটা তথ্যৰ মিল নোহোৱাৰ নিৰ্দিষ্ট ব্যাখ্যা আগবঢ়োৱা নাই যদিও উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়াই এক্স (পূৰ্বৰ টুইটাৰ)ত উত্তৰ প্ৰদেশৰ অমিলৰ বিষয়ে ব্যাখ্যা কৰে।

মুখ্য নিৰ্বাচন আয়ুক্তই লিখিছে, “বিভিন্ন মেনুৱেল আৰু হেণ্ডবুকত আয়োগৰ প্ৰট’কল অনুসৰি কিছুমান ভোটগ্ৰহণ কেন্দ্ৰৰ ভোট গণনা নকৰাৰ বাবেই ভোটগ্ৰহণ কৰা ভোট আৰু গণনা কৰা ভোটৰ মাজত পাৰ্থক্য হ’ব পাৰে।”

তেওঁ দুটা পৰিস্থিতিৰ ব্যাখ্যা আগবঢ়ায় য’ত গণনা কৰা ভোটৰ সংখ্যা সমীক্ষা কৰা ইভিএমৰ ভোটতকৈ কম হ’ব পাৰে।

প্ৰথমতে, যদি প্ৰিজাইডিং অফিচাৰে প্ৰকৃত ভোটগ্ৰহণ আৰম্ভ কৰাৰ আগতে কন্ট্ৰোল ইউনিটৰ পৰা মক প’লৰ তথ্য ক্লিয়াৰ কৰিবলৈ পাহৰি যায় বা প্ৰকৃত ভোটদান আৰম্ভ হোৱাৰ আগতে ভিভিপিএটিৰ পৰা মক প’লৰ স্লিপ আঁতৰাব নোৱাৰে। দ্বিতীয়তে, যদি কন্ট্ৰোল ইউনিটত মুঠ ভোটৰ সৈতে প্ৰপত্ৰ ১৭-চিৰ ভোটৰ ৰেকৰ্ডৰ মিল নাথাকে কাৰণ প্ৰিজাইডিং অফিচাৰে সংখ্যাটো ভুলকৈ লিপিবদ্ধ কৰে।

কিন্তু অতিৰিক্ত ভোট গণনা কৰিবলগীয়া হোৱা পৰিস্থিতিৰ বিষয়ে স্পষ্ট কৰা নাই মুখ্য নিৰ্বাচন আয়ুক্তই।

৩৮১১টা অতিৰিক্ত ভোট গণনা কৰা কৰিমগঞ্জত ১৮৩৬০টা ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই জয়লাভ কৰে।

লগতে পঢ়কঃ ৭১ জন সাংসদৰ মাজত ভগাই দিয়া হ’ল মন্ত্ৰীত্ব : মোদীৰ তৃতীয় মন্ত্ৰীসভাত কাৰ ভাগত কি দায়িত্ব পৰিল?

ভাৰতৰ নিৰ্বাচনী আৰু ৰাজনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা অলাভজনক সংস্থা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ সহ-প্ৰতিষ্ঠাপক জগদীপ ছ’কাৰে দ্য কুইণ্টক কয় যে নিৰ্বাচন আয়োগে এই অমিলৰ বাবে “সমষ্টি নিৰ্দিষ্ট ব্যাখ্যা” দিব লাগে।

ছ’কাৰে কয়, ‘এতিয়ালৈকে নিৰ্বাচন আয়োগে ইভিএমৰ ভোট বৃ্দ্ধি বা হ্ৰাসৰ সাধাৰণ ব্যাখ্যাহে দিছে, আৰু সেয়াও টুইটাৰত। নিৰ্বাচন আয়োগে নিৰ্দিষ্ট তথ্য দিয়াৰ প্ৰয়োজন। ইয়াৰ ফলত নিৰ্বাচন আয়োগে প্ৰপত্ৰ ১৭চি ৰাজহুৱাভাৱে উপলব্ধ কৰাৰ বাবে আৰু অধিক শক্তিশালী যুক্তিৰ সৃষ্টি কৰে। আমি নিৰ্বাচনৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰা নাই, কিন্তু ভোট গণনাৰ বাবে এক স্বচ্ছ আৰু শক্তিশালী ব্যৱস্থা থকাটো প্ৰয়োজন।’

অতিৰিক্ত ভোট পোৱা আন সমষ্টিসমূহৰ ভিতৰত আছে অন্ধ্ৰ প্ৰদেশৰ অংগোলে, ওড়িশাৰ বালাছোৰ, মধ্যপ্ৰদেশৰ মণ্ডলা আৰু  বিহাৰৰ বাক্সাৰ।

অসমৰ কোকৰাঝাৰ সমষ্টিত ১২,৪০,৩০৬ টা ভোট ভোটগ্ৰহণ কৰা হৈছিল যদিও মাত্ৰ ১২,২৯,৫৪৬ টা ভোট গণনা কৰা হৈছিল, যাৰ ফলত ১০,৭৬০ টা ভোটৰ ঘাটি হৈছিল। সমষ্টিটোত ইউনাইটেড পিপলছ পাৰ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৫১,৫৮০ ভোটৰ ব্যৱধানত জয়লাভ কৰে।

একেদৰে ওড়িশাৰ ধেনকানালত ১১,৯৩,৪৬০টা ভোটগ্ৰহণ কৰা হৈছিল যদিও ১১,৮৪,০৩৩টা ভোট গণনা কৰা হৈছিল, য’ত ৯,৪২৭টা ভোটৰ ঘাটি দেখা গৈছে।

উত্তৰ প্ৰদেশৰ আলিগড়ত বিজেপিৰ সতীশ কুমাৰ গৌতমে ১৫,৬৪৭ ভোটৰ ব্যৱধানত জয়লাভ কৰে তাত ৫,৮৯৬টা ভোট বাতিল কৰা হয়।

লগতে পঢ়কঃ কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটৰ খেলিমেলিৰ তদন্ত আৰু পুনৰ ভোট গ্ৰহণৰ দাবী চিপিআই(এম)ৰ

দ্য কুইণ্টৰ এক প্ৰতিবেদনত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ আৰু গণনা কৰা ইভিএম ভোটৰ একেধৰণৰ অমিলৰ ওপৰত আলোকপাত কৰিছিল। এই প্ৰতিবেদনৰ পিছতে দ্য এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি অনুৰোধ জনায় যে “ভাৰতীয় নিৰ্বাচন আয়োগক যিকোনো নিৰ্বাচনৰ ফলাফলৰ চূড়ান্ত ঘোষণাৰ পূৰ্বে  তথ্যৰ(ভোট) প্ৰকৃত আৰু সঠিক মিল কৰিবলৈ আদালতে আদেশ দিব লাগে।”

২৬ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে ভোটাৰ-ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (ভিভিপিএটি) স্লিপৰ সৈতে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ বিস্তৃত পৰীক্ষণ বিচৰা এইটোৰ লগতে অন্যান্য আবেদন খাৰিজ কৰে।

৪ কোটিৰো অধিক স্লিপৰ পৰীক্ষণৰ পিছত ইভিএম আৰু ভিভিপিএটি স্লিপত গণনা কৰা ভোটৰ মাজত “কোনো অমিল ধৰা পৰা নাই” বুলি নিৰ্বাচন আয়োগে আদালতক জনোৱাৰ পিছত এই সিদ্ধান্ত দিয়া হয়। 

(বাতৰিটো যুগুত কৰোতে HW English নিউজৰ প্ৰতিবেদন অনুসৰণ কৰা হৈছে।)