সাধাৰণতে চাকৰি এৰিলে মানুহে ধন্যবাদ জনাই বিদায় লয়। কিন্তু এন্’থ্ৰপিকৰ (Anthropic) প্ৰাক্তন গৱেষক জেকব কক্সনে তেওঁৰ বিদায়ী ভাষণত যি লিখিছে, সেই কথাই সমগ্ৰ তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) উদ্যোগত আলোড়নৰ সৃষ্টি কৰিছে। তেওঁ দাবী কৰে যে কৃত্ৰিম ছুপাৰ ইনটেলিজেন্স বা মানুহৰ সামৰ্থ্যক অতিক্ৰম কৰা এআইয়ে পাৰমাণৱিক অস্ত্ৰতকৈ মানৱতাৰ বাবে অধিক বিপদৰ সৃষ্টি কৰিব পাৰে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে পোষ্ট কৰি জেকব কক্সনে দাবী কৰিছে যে এআইয়ে সকলো মানুহকে হত্যা কৰিব পাৰে। আমেৰিকাৰ সংবাদ মাধ্যম ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কক্সনে কয় যে আমি পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ কৰিব জানো… কিন্তু আমি এতিয়াও এআই কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে নাজানো।’
প্ৰাক্তন গৱেষকগৰাকীয়ে দাবী কৰে যে তেওঁ তিনি বছৰ ধৰি এন্থ্ৰ’পিক আৰু অ’পেনএআইত গৱেষণাৰ সৈতে জড়িত আছিল। তেওঁৰ ভাষাত এআই হ’ব পাৰে ‘মানৱ জাতিয়ে সৃষ্টি কৰা আটাইতকৈ বিপজ্জনক প্ৰযুক্তি’।
তেওঁ কয়, “বিষয়টো বহুখিনি কল্পবিজ্ঞানৰ দৰে অনুভৱ হ’লেও এআইৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিকল্প নাই। কাৰণ উন্নত এআই সৃষ্টিৰ প্ৰতিযোগিতাই ভয়াৱহ পৰিণতি কঢ়িয়াই আনিব পাৰে।”
মঙলবাৰে কক্সনে ছ’চিয়েল মিডিয়াত অভিযোগ কৰে যে বিশ্বৰ দুটা শীৰ্ষ এআই সংস্থাই নিৰাপত্তাৰ ক্ষেত্ৰতকৈ ইটোৱে সিটোক অতিক্ৰম কৰাৰ প্ৰতিযোগিতাত অধিক চিন্তিত। ২৭ বছৰীয়া গৱেষকগৰাকীয়ে কয় যে, “দুয়োটা সংস্থাই দায়িত্বশীলভাৱে কাম কৰা নাই। তেওঁলোকে নিজকে উন্নত কৰিবলৈ সক্ষম ছুপাৰ ইনটেলিজেন্স সৃষ্টিৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে, আৰু তাৰ ফলত আমাৰ জীৱন বিপদৰ মুখত পেলাইছে।”
তেওঁ লগতে কয়, “বহু এআই ডেভেলপাৰে আন্তৰিকতাৰে বিশ্বাস কৰে যে এই দশকৰ শেষলৈকে এআই সম্পূৰ্ণ মানৱজাতিৰ বাবে প্ৰাণঘাতী হৈ পৰিব পাৰে।” এয়া কোনো প্ৰচাৰ কৌশল নহয় বুলিও তেওঁ দাবী কৰে। ছুপাৰ ইনটেলিজেন্স বুলিলে এনে এক তাত্ত্বিক পৰ্যায়ক বুজোৱা হয় যেতিয়া এআইৰ সামৰ্থ্যই মানুহৰ বুদ্ধিমত্তাক অতিক্ৰম কৰি যাব।
এন্থ্ৰপিকৰ নিৰাপত্তা বিষয়া ইভান হুবিংগাৰে কক্সনৰ এই বক্তব্যক সমৰ্থন কৰিছে। এক্স হেণ্ডেলত তেওঁ কয়, “আমি সঁচাকৈয়ে বিশ্বাস কৰোঁ যে এআইয়ে সকলো মানুহকে হত্যা কৰিব পাৰে।‘ তেওঁ অনুমান কৰে যে অহা দশকত এনে বিপদ ১০ শতাংশতকৈও অধিক হ’ব পাৰে।
হুবিংগাৰে কয় যে এন্থ্ৰ’পিকে এই বিপদ হ্ৰাস কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে। কিন্তু মানুহৰ সক্ষমতা অতিক্ৰম কৰা যিকোনো এআই ব্যৱস্থাই যাতে ইয়াৰ সৃষ্টিকৰ্তাৰ নিৰ্দেশনা মানি চলে তাৰ কোনো পৰিকল্পনা এতিয়াও তেওঁলোকৰ হাতত নাই। তেওঁ লগতে জনায় যে বৰ্তমানৰ এআই মডেলৰ বাবে এনে বিপদ তুলনামূলকভাৱে কম।
কক্সনে এন্থ্ৰপিকৰ নিৰাপত্তা পদক্ষেপক আন্তৰিক বুলি গণ্য কৰিলেও তেওঁৰ মতে চৰকাৰী হস্তক্ষেপ বা এআইৰ বিকাশ লেহেমীয়া কৰাৰ এক সংহত প্ৰচেষ্টা অবিহনে কোনো সংস্থাই দায়িত্বশীলভাৱে মানৱ সক্ষমতা অতিক্ৰম কৰা এআই সৃষ্টি কৰিব নোৱাৰে। এন্থ্ৰপিকে বিপদৰ পৰিসৰ বুজি পায় বুলিও তেওঁ কয়। কিন্তু কোম্পানীটো দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ দৌৰত সোমাই পৰিছে। তেওঁলোকে আশংকা কৰে যে আনে দায়িত্বশীলভাৱে কাম নকৰিব। গতিকে, বিপদ থাকিলেও তেওঁলোকেই প্ৰথমে আগবাঢ়িব লাগিব।
যোৱা ফেব্ৰুৱাৰী মাহত এন্থ্ৰপিকে নিজৰ নিৰাপত্তা চনদৰ পৰা এনে এটা প্ৰতিশ্ৰুতি আঁতৰাই পেলাইছিল য’ত বিপদ নিয়ন্ত্ৰণ ব্যৰ্থ হ’লে মডেল বিকাশ বন্ধ কৰি দিয়াৰ কথা আছিল। কোম্পানীটোৱে যুক্তি দিছিল যে যদিহে ই একপক্ষীয়ভাৱে কাম কৰা বন্ধ কৰে তেন্তে কম সতৰ্ক প্ৰতিযোগীয়ে বজাৰত স্থান লাভ কৰিব, যিয়ে সামগ্ৰিকভাৱে এআই উদ্যোগটোক অধিক অসুৰক্ষিত কৰি তুলিব পাৰে।
যোৱা জুলাই মাহৰ শেষৰ ফালে এন্থ্ৰপিকৰ চিইঅ’ ডাৰিয়া আমোডেইকে ধৰি ১০০০ৰো অধিক টেক কৰ্মীয়ে ৱাশ্বিংটনক সামূহিকভাৱে উন্নত এআই ব্যৱস্থাৰ বিকাশ লেহেমীয়া কৰিবলৈ আহ্বান জনায়।
I resigned from Anthropic today. I spent the last three years doing pretraining research at both OpenAI and Anthropic. Neither company is acting responsibly. They are racing straight to self-improving superintelligence and gambling with our lives. More thoughts below.
— Jacob Coxon (@hilbertspaess) September 9, 2026
আগষ্ট মাহত OpenAI এ নিজৰ শেহতীয়া মডেলৰ প্ৰশিক্ষণ দুসপ্তাহৰ বাবে বন্ধ কৰি দিছিল। তাৰ পিছত কঠোৰ নিয়ন্ত্ৰণৰ অধীনত প্ৰশিক্ষণ কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হৈছে। দেওবাৰে OpenAIৰ মুখ্য বিজ্ঞানী জেকব পাচোকিয়ে ভৱিষ্যতে AI বিকাশৰ ক্ষেত্ৰত “অত্যন্ত সাৱধানতা”ৰ আহ্বান জনায়। এটা ব্লগ পোষ্টত তেওঁ কয় যে ভৱিষ্যতৰ এআই বিকাশৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সমন্বয় বিশ্বৰ চৰকাৰসমূহৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ হ’ব লাগে। কিন্তু বৰ্তমান আমেৰিকাত এআই মডেলসমূহক নিয়ন্ত্ৰণ কৰা কোনো ফেডাৰেল আইন নাই।




