বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান

Karpoori Thakur Bharat Ratna

জন্ম শতবাৰ্ষিকীৰ প্ৰাক্ মুহূৰ্তত কালি দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটাৰ বাবে ঘোষিত হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী নেতা কৰ্পুৰী ঠাকুৰৰ নাম। মৰণোত্তৰভাৱে তেখেতলৈ দেশৰ সৰ্বোচ্চ সন্মান আগবঢ়োৱা হৈছে।

ভাৰতত সামাজিক ন্যায়ৰ ৰাজনীতিক গতি প্ৰদান কৰা নেতাসকলৰ ভিতৰত অন্যতম আছিল কৰ্পুৰী ঠাকুৰ। দুবাৰকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কৰ্পুৰী ঠাকুৰ বিহাৰৰ প্ৰথম গৰাকী অ-কংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল।

১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু ১৯৭৭ চনৰ ডিচেম্বৰৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ এই চমু কাৰ্যকালত বিহাৰৰ সামাজিক তথা শৈক্ষিক ক্ষেত্ৰক অনন্য মাত্ৰা প্ৰদান কৰে।

বিহাৰৰ জন নায়ক হিচাপে পৰিচিত কৰ্পুৰী ঠাকুৰ ভাৰতৰ জৰুৰীকালিন অৱস্থা বিৰোধী আন্দোলনৰো এজন অন্যতম শক্তিশালী নেতা আছিল৷ সমাজবাদী নেতা হিচাপে লোকনায়ক জয় প্ৰকাশ নাৰায়ণৰ অতি ঘনিষ্ঠ আছিল কৰ্পুৰী ঠাকুৰ।

উল্লেখ্য যে কৰ্পুৰী ঠাকুৰেই বিহাৰত পোন প্ৰথমে সুৰাৰ বিপক্ষে সম্পূৰ্ণ নিষেধাজ্ঞা বলবৎ কৰিছিল। তেওঁৰ দিকদৰ্শনতে নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱে বিহাৰত সমাজবাদী ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দিয়ে।

ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন সেনানী, শিক্ষাবিদ ঠাকুৰৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৪ জানুৱাৰীত। ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰীতে তেখেতৰ মৃত্যু হয়। অহা ২৬ জানুৱাৰী অৰ্থাৎ দেশৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেখেতলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা আগবঢ়াব।