বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী, বিজেপি নেতা সুশীল কুমাৰ মোডীৰ দেহাৱসান

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীলকুমাৰ মোডীৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰৰ সৈতে যুঁজি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। সোমবাৰে নিশা প্ৰায় ৯ বজাত দিল্লীৰ এইমছত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বিহাৰৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে গভীৰ নিশা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয়, ‘বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুশীলকুমাৰ মোডীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছো। বিহাৰৰ বাবে ই এক অপূৰণীয় ক্ষতি।‘

বিজেপি নেতাগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ উকোচ লৈ গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা; দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উদ্ধাৰ প্ৰায় ৮০ লাখ টকা

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘আমাৰ গুৰুত্বপূৰ্ণ সহকৰ্মী তথা দলৰ মোৰ দীৰ্ঘদিনীয়া বন্ধু সুশীল মোদীজীৰ অকাল মৃত্যুৰ খবৰ পাই গভীৰ শোক প্ৰকাশ কৰিছো। বিহাৰত বিজেপিৰ উত্থান আৰু বিজেপিৰ সফলতাৰ আঁৰত তেওঁৰ অমূল্য অৱদান আছে। জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰি তেওঁ ছাত্ৰ ৰাজনীতিত এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁ আছিল এজন কঠোৰ পৰিশ্ৰমী আৰু মানৱদৰদী বিধায়ক। ৰাজনীতিৰ বিষয়ে তেওঁৰ অসীম জ্ঞান আছিল। প্ৰশাসক হিচাপেও তেওঁ বহু প্ৰশংসনীয় কাম কৰিছে। জি এছ টি গৃহীত কৰাত তেওঁৰ অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব। এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।’

সুশীল কুমাৰ মোডীৰ ৰাজনৈতিক জীৱন ১৯৭৪ চনত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত ছাত্ৰ আন্দোলনৰ জৰিয়তে আৰম্ভ হৈছিল। আশীৰ দশকত ক্ৰমান্বয়ে বিজেপিৰ উত্থান ঘটিছিল। ১৯৯০ চনত পাটনা চেন্ট্ৰেল সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। ১৯৯৫ আৰু ২০০০ চনত পুনৰ বিধায়ক নিৰ্বাচিত হয় সুশীল কুমাৰ মোডী।

বিহাৰত সুশীল কুমাৰ মোডী বিৰোধী নেতা হিচাপে জনপ্ৰিয় হৈ উঠিছিল। লালু প্ৰসাদ যাদৱৰ কঠোৰ সমালোচক হৈ পৰিছিল। তেওঁ পশুখাদ্য কেলেংকাৰীত জনস্বাৰ্থ জড়িত গোচৰো দাখিল কৰিছিল।

সুশীল কুমাৰ মোডী বিহাৰত ২০০৫ চনত জেডিইউ আৰু বিজেপিৰ মিত্ৰজোঁট ক্ষমতালৈ অহাৰ সময়ত উপ-মুখ্যমন্ত্ৰী হয়।