NORTHEAST NOW (Assamese)

মগজুত জমিছে তেজ, বিনামূলীয়া চিকিৎসা আগবঢ়াব হাস্পাতালে; চিকিৎসকৰ প্ৰতি কৃতজ্ঞ কাম্বলি

December 24, 2024 10:43 am · এন ই নাও নিউজ, গুৱাহাটী

শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে সোমবাৰে বিনোদ কাম্বলিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। তেওঁৰ মগজুত তেজ জমা হোৱা বুলি নিশা জানিব পৰা যায়। এনে অৱস্থাত সংশ্লিষ্ট চিকিৎসালয়খনে কাম্বলিক আজীৱন বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব বুলি জনাইছে। কম্বলিয়েও চিকিৎসকসকলক ধন্যবাদ জনাই কয় যে তেওঁলোকৰ বাবেই তেওঁ জীয়াই আছে।

কাম্বলি চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছতো তেওঁৰ শাৰীৰিক অৱস্থাৰ কোনো তথ্য পোৱা হোৱা নাছিল। বিভিন্ন পৰীক্ষাৰ অন্তত মগজুত তেজ জমা হোৱাটো ধৰা পৰিল। মঙলবাৰে তেওঁৰ অধিক পৰীক্ষা সম্পন্ন কৰা হ’ব।

ইয়াৰ পিছত সেইদৰে তেওঁৰ চিকিৎসা আৰম্ভ হ’ব। চিকিৎসালয়খনৰ মুৰব্বী এছ সিঙে কয় যে তেওঁলোকে কাম্বলিৰ আজীৱন চিকিৎসা বিনামূলীয়াকৈ কৰিব। তেওঁ নিজেও এগৰাকী কাম্বলিৰ অনুৰাগী।

দুপৰীয়া চিকিৎসালয়ত কাম্বলিক সাক্ষাৎ কৰিবলৈ আহিছিল কেইবাজনো অনুৰাগী। সিহঁতক দেখি কাম্বলি আবেগিক হৈ পৰে। পিছত ক’লে, “ডাক্তৰসকলৰ বাবেই মই জীয়াই আছো। মই ভৰ্তি হোৱাৰ পিছত চিকিৎসাকৰ্মীসকলে বহুত চেষ্টা কৰিছে। মই যি পাইছো সেই সকলোবোৰৰ বাবে কৃতজ্ঞ।”

অৱশ্যে শচীন তেণ্ডুলকাৰকে ধৰি পূৰ্বৰ কোনো সতীৰ্থৰ সৈতে তেওঁৰ কথা হোৱা নাই বুলিও তেওঁ জনায়।

Related News