• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্যকাল শেষ হোৱাৰ পিছতো দিছপুৰত কাৰ্যভাৰ অব্যাহত ৰাখিছে প্ৰাক্তন আই এফ এছ বিষয়া এম কে যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 8:27 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে (৬ মে’, ২০২৬) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ সৈতে অসম চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো বিতৰ্কিত অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া এম কে যাদৱক বিশেষ মুখ্য সচিব (বন) হিচাপে কাম অব্যাহত ৰখাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাট মুকলি কৰি দিছে।

Apply Now

কিন্তু যাদৱৰ কাৰ্যকাল অব্যাহত ৰখাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কিয়নো অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে তেওঁৰ কাৰ্যকাল “ৰাজ্য চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালৰ সৈতে একেলগে সমাপ্ত (কো-টাৰ্মিনাছ) হ’ব” বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।

২০২৫ চনৰ ২১ ফেব্ৰুৱাৰীত জাৰি কৰা এক আদেশত কৰ্মচাৰী বিভাগে যাদৱৰ পূৰ্বৰ কাৰ্যকাল ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হোৱাৰ পিছত ২০২৫ চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ বিশেষ মুখ্য সচিব (বন) হিচাপে পুনৰ নিযুক্তিৰ সময় বৃদ্ধি কৰিছিল।

আদেশত কোৱা হৈছে যে, “এম কে যাদৱ, আই এফ এছ (অৱসৰপ্ৰাপ্ত), বিশেষ মুখ্য সচিব (বন)ক বিশেষ মুখ্য সচিব (বন) হিচাপে ২০২৫চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ নিয়োগ কৰা হৈছে আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ সৈতে কাৰ্যকাল সমাপ্ত হ’ব।”

কিন্তু চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত ৬ মে’ত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছতো যাদৱে কাৰ্যভাৰ অব্যাহত ৰাখিছে। সূত্ৰই জনোৱা মতে, তেওঁ এতিয়াও দিছপুৰস্থিত নিজৰ কাৰ্যালয়ৰ পৰা কাম কৰি আছে আৰু বন বিভাগৰ বিষয়াসকলক নিৰ্দেশনা জাৰি কৰি আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, নতুন চৰকাৰ গঠনৰ লগে লগে যাদৱে পুনৰ নিযুক্তিৰ বাবেও লবী কৰি আছে। তিনিজন বিষয়াৰ এটা পেনেল বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে, য’ত দুজন আই এ এছ বিষয়াৰ সৈতে যাদৱৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন বাহিনীৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০২৪ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে যাদৱক বিশেষ মুখ্য সচিব (বন) হিচাপে অসমৰ কেবিনেটে পুনৰ নিয়োগ কৰিছিল ।

এই কাৰ্যকাল বৃদ্ধিৰ বাবে বিৰোধী দলসমূহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল, বিশেষকৈ অসম কংগ্ৰেছে এই নিযুক্তিক “ৰাজনৈতিক” আৰু “আইনীভাৱে প্ৰশ্নবোধক” বুলি অভিহিত কৰিছিল। বিৰোধী নেতাসকলে যুক্তি দিছিল যে এজন অৱসৰপ্ৰাপ্ত সৰ্বভাৰতীয় সেৱাৰ বিষয়াক সম্পূৰ্ণ বিত্তীয় আৰু কাৰ্যবাহী ক্ষমতাৰে জ্যেষ্ঠ প্ৰশাসনিক পদত পুনৰ নিয়োগ কৰিলে কেন্দ্ৰীয় সেৱাৰ নীতি-নিয়ম উলংঘা কৰা হয়।

তেওঁৰ কাৰ্যকালত বনাঞ্চলৰ ভূমি ৰূপান্তৰৰ ধাৰাবাহিক বিতৰ্কিত সিদ্ধান্তক লৈও তদন্তৰ সন্মুখীন হৈছে যাদৱ।

এটা ডাঙৰ গোচৰত তেওঁ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ সমীপৰ এটা কমাণ্ডো বেটেলিয়নৰ বাবে ২০২৩ চনত প্ৰায় ৪৪ হেক্টৰ বনাঞ্চল ভূমি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ পৰা বাধ্যতামূলক পূৰ্ব অনুমোদন অবিহনে সলনি কৰিবলৈ অনুমোদন জনোৱা বুলি অভিযোগ উঠিছে।

পিছত এই বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰীক্ষণৰ আওতালৈ আহিছিল আৰু ২০২৪ চনত তেওঁক বন সংৰক্ষণ আইন, ১৯৮০ উলংঘাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

আন এটা গোচৰত যাদৱে ২০২২ চনত অসম-নগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ২৮ হেক্টৰ বনাঞ্চলৰ ভূমি সলনি কৰি (ডাইভাৰছন) কেন্দ্ৰৰ পূৰ্ব অনুমোদন অবিহনে আৰক্ষী বেটেলিয়ন শিবিৰৰ বাবে মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিয়ে অসম চৰকাৰৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰিছিল, য’ত ১২ শতাংশ সাধাৰণ সুতৰ লগতে ষ্টেণ্ডাৰ্ড নেট প্ৰেজেন্ট ভেল্যু (এন পি ভি)ৰ পাঁচগুণ ধন পৰিশোধ কৰাটোও আছিল।

সূত্ৰসমূহে লগতে দাবী কৰে যে ২০২৫ চনৰ জুলাই মাহত এই ভূমি ৰূপান্তৰৰ (ডাইভাৰচন) গোচৰসমূহৰ সৈতে জড়িত বন সংৰক্ষণ আইন উলংঘা কৰাৰ অভিযোগত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। অৱশ্যে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd