`দেশলৈ উভতি আহি আত্মসমৰ্পণ কৰক’! নাতিয়েক প্ৰজ্জললৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ বাৰ্তা

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেবেগৌড়া আৰু নায়িয়েক প্ৰজ্জল ৰেভানা। ফাইল ফটোঃ সংগ্ৰহীত।

আগতেই আহ্বান জনাইছিল খুড়াক কুমাৰস্বামীয়ে। এইবাৰ ককাক এইচ ডি দেৱেগৌড়াইও যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত নাতিয়েক প্ৰজ্জল ৰেভানালৈ দেশলৈ উভতি আহি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছৰ সাংসদ দেৱগৌড়াই বৃহস্পতিবাৰে কয় যে `তদন্তত যদি প্ৰজ্জল দোষী সাব্যস্ত হয় তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া উচিত।‘

‘অশ্লীল’ ভিডিঅ’ কাণ্ড পোহৰলৈ অহাৰ পিছৰে পৰা হাছানৰ লোকসভা নিৰ্বাচনত বিদায়ী সাংসদ তথা জেডি(এছ)ৰ প্ৰাৰ্থীগৰাকীৰ দেশৰ বাহিৰলৈ পলায়ন কৰিছে। দেৱগৌড়াৰ নাতি প্ৰজ্জলৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ ছত্তীশগড়ৰ বনাঞ্চলত তুমুল সংঘৰ্ষ, নিৰাপত্তাৰক্ষীৰ হাতত নিহত ৭জন মাওবাদী

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া চৰকাৰে তেওঁক দেশলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছে। গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছে। অৱশ্যে তেওঁৰ বৰ্তমান অৱস্থান সম্পৰ্কে আৰক্ষীৰ হাতত কোনো তথ্য নাই।

প্ৰজ্জলৰ বিৰুদ্ধে উত্থাপিত হাৰাশাস্তিৰ অভিযোগৰ তদন্তৰ বাবে কৰ্ণাটক আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। ইণ্টাৰপোলে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰিছে। কিন্তু প্ৰজ্জল এতিয়াও আত্মগোপনত আছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক তেওঁক ঘূৰাই আনিবলৈ আবেদন জনায়। প্ৰজ্জলৰ কূটনৈতিক পাছপ’ৰ্ট বাতিলৰ বাবেও কেন্দ্ৰলৈ আবেদন কৰা হৈছে।

সূত্ৰ অনুসৰি কৰ্ণাটক চৰকাৰৰ অনুৰোধৰ পিছতে বিদেশ মন্ত্ৰালয়েও প্ৰজ্জলৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যৌন নিৰ্যাতনৰ গোচৰৰ অন্যতম অভিযুক্ত হৈছে তেওঁৰ বিধায়ক পিতৃ আৰু দেৱগৌড়াৰ পুত্ৰ এইচ ডি ৰেভানা।

শেহতীয়াকৈ ফাদিল হোৱা প্ৰজ্জলৰ যৌন নিৰ্যাতনৰ সকলো ‘অশ্লীল’ ভিডিঅ’ৰ ভিতৰত এজন ভুক্তভোগীক অপহৰণ কৰাৰ অভিযোগো উত্থাপন হৈছিল। ৭ দিন জিম্মাত থকাৰ পিছত বিশেষ আদালতৰ পৰা জামিন লাভ কৰে ৰেভানাই।